সৌন্দৰ্য অথবা সাজ-সজ্জাৰ প্ৰতি নহয়, বৰং বিজ্ঞান, গণিতৰ দৰে উত্তৰণমুখী শিক্ষাৰ প্ৰতি আগ্ৰহী হৈ উঠক যুৱ প্ৰজন্ম। এই লক্ষ্যৰেই এক অনন্য সিদ্ধান্ত গ্ৰহণ কৰিছে পশ্চিম আফ্ৰিকাৰ দেশ বুৰ্কিনা ফাছোৱে। শেহতীয়াকৈ দেশখনৰ ৰাষ্ট্ৰপতি কেপ্টেইন ইব্ৰাহিম ট্ৰাওৰেৰ নেতৃত্বাধীন চৰকাৰে সমগ্ৰ দেশজুৰি সকলো ধৰণৰ সৌন্দৰ্য প্ৰতিযোগিতা স্থগিত ৰাখি যুৱতীসকলৰ মেধা বিকাশৰ স্বাৰ্থত আৰম্ভ কৰিছে এক ৰাষ্ট্ৰীয় বিজ্ঞান প্ৰতিযোগিতা।
নাৰীৰ বাহ্যিক সৌন্দৰ্য প্ৰদৰ্শনৰ পৰিৱৰ্তে বৌদ্ধিক বিকাশক অগ্ৰাধিকাৰ দিয়াৰ উদ্দেশ্যে চৰকাৰখনে আগষ্ট মাহত ‘হাকিলি মুছ’ নামৰ এক বিশেষ ৰাষ্ট্ৰীয় বিজ্ঞান প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে। এই প্ৰতিযোগিতাত দেশখনৰ ৮৪ গৰাকী প্ৰতিভাৱান যুৱতীয়ে গণিত, পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান বিষয়ত নিজৰ দক্ষতা প্ৰদৰ্শন কৰে। সফল প্ৰতিযোগীসকলক বিশেষ পুৰস্কাৰ আৰু জলপানিৰে সন্মানিত কৰাৰ লগতে ৰাষ্ট্ৰপতি ট্ৰাওৰেই নিজে বিজয়ীসকলক সাক্ষাৎ কৰি বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে।
ইয়াৰ পূৰ্বে জুন মাহতেই দেশৰ যোগাযোগ, সংস্কৃতি, কলা আৰু পৰ্যটন মন্ত্ৰ্যালয়ে এক নিৰ্দেশনাযোগে সকলো সুন্দৰী প্ৰতিযোগিতাৰ ওপৰত সাময়িক নিষেধাজ্ঞা আৰোপ কৰিছিল। চৰকাৰৰ মতে, দেশৰ “সাংস্কৃতিক পৰিচয়, সামাজিক মূল্যবোধ আৰু মানৱ মৰ্যাদা” ৰক্ষাৰ স্বাৰ্থতে এই পদক্ষেপ লোৱা হৈছে। সুন্দৰী প্ৰতিযোগিতাৰ নামত নাৰীক কেৱল উপভোগ্য সামগ্ৰী হিচাপে উপস্থাপন কৰাৰ পৰিৱৰ্তে দেশৰ সংস্কৃতিৰ সৈতে সংগতি ৰাখি নতুন নিয়ম প্ৰস্তুত কৰাৰ কামো চলাই থকা হৈছে।
ইফালে, চৰকাৰৰ এই পদক্ষেপক লৈ বিশ্বজুৰি সামাজিক মাধ্যমত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। একাংশ সচেতন মহলে নাৰী সৱলীকৰণৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত সুযোগ দিয়াৰ এই সিদ্ধান্তক ভূয়সী প্ৰশংসা কৰিছে। এগৰাকী সচেতন মহিলাই সমগ্ৰ পৰিয়ালক শিক্ষিত কৰাৰ ক্ষমতা ৰাখে বুলি মন্তব্য কৰি বহুতে প্ৰসাধন আৰু ফেশ্বন উদ্যোগৰ নেতিবাচক প্ৰভাৱৰ বিপৰীতে ইয়াক এক যুগান্তকাৰী পদক্ষেপ আখ্যা দিয়ে। আনহাতে, নাৰীৰ ব্যক্তিগত পছন্দ আৰু স্বাধীনতাক কোনো এটা নিৰ্দিষ্ট পৰিসীমাৰ মাজত আৱদ্ধ নাৰাখি বিজ্ঞান আৰু নাৰীসুলভ সৌন্দৰ্য উভয়কে উদযাপন কৰাৰ স্বাধীনতা থাকিব লাগে বুলিও কোনো কোনোৱে মত প্ৰকাশ কৰে।
