১০ অক্টোবৰত দিল্লীত ক’কৰোচ জনতা পাৰ্টিৰ (চি.জে.পি.) প্ৰতিবাদ, ইণ্টাৰনেট আৰু মেট্ৰ’ সেৱা ব্যাহত কৰাৰ লগতে যন্তৰ-মন্তৰক প্ৰতিবাদথলীৰ তালিকাৰ পৰা বাদ দিয়াৰ বিষয়টোক লৈ উচ্চতম ন্যায়ালয়ে কালি এক গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰে। মুখ্য ন্যায়াধীশ সূৰ্য্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ খণ্ডপীঠে ইয়াৰ শুনানি গ্ৰহণ কৰে।
শুনানিত উচ্চতম ন্যায়ালয়ে ১০ অক্টোবৰৰ প্ৰতিবাদ আৰু আটক ঘটনাৰ সৈতে জড়িত সকলো চি.চি.টি.ভি. তথা ডিজিটেল ফুটেজ সুৰক্ষিতভাৱে সংৰক্ষণ কৰিবলৈ নির্দেশ দিয়ে। ইয়াৰ লগতে যন্তৰ-মন্তৰক প্ৰতিবাদস্থলীৰ তাালিকাৰ পৰা নাম প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত আৰু আৰক্ষীৰ কাৰ্যম্পন্থাৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰ তথা দিল্লী আৰক্ষীক জাননী জাৰি কৰি ইয়াৰ উত্তৰ বিচাৰিছে।
মহিলা সাংবাদিকসকলৰ ওপৰত হোৱা আক্ৰমণৰ অভিযোগ তদন্তৰ বাবে আদালতৰ দ্বাৰা এখন সমিতি গঠন কৰা হ’ব বুলি উল্লেখ কৰে আৰু এগৰাকী মহিলা সাংবাদিকৰ গ্ৰেপ্তাৰীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। প্ৰতিবাদৰ সময়ত ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পূৰ্বে আদালতত ক্ষমা প্ৰাৰ্থনাপত্ৰ দাখিল কৰিছিল, যিটো আইনগত প্ৰক্ৰিয়াৰ অংশ বুলি চৰকাৰী পক্ষই স্পষ্ট কৰিছে।
