বিশ্ব মেনিনজাইটিছ দিৱসৰ জৰিয়তে সজাগতা বৃদ্ধি আৰু মেনিনজাইটিছক পৰাস্ত কৰিবলৈ বিশ্বব্যাপী প্ৰচেষ্টাক আগুৱাই নিয়াৰ লক্ষ্য

7

মেনিনজাইটিছ ৰোগ হৈছে এক গুৰুতৰ ভেকছিন প্ৰতিৰোধযোগ্য সংক্ৰমণ, যিয়ে বিশেষকৈ শিশুসকলৰ স্বাস্থ্যজনিত উদ্বেগ বৃদ্ধি কৰে। বিশ্ব মেনিনজাইটিছ দিৱসৰ উদ্দেশ্য হৈছে এই ৰোগ হ্ৰাস কৰিবলৈ সজাগতা বৃদ্ধি কৰা আৰু বিশ্বব্যাপী প্ৰচেষ্টা অব্যাহত ৰখা যাতে আগতীয়াকৈ চিনাক্তকৰণৰ জীৱন ৰক্ষাকাৰী সম্ভাৱনা আৰু টীকাকৰণৰ জৰিয়তে প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা। প্ৰতি বছৰে সমগ্ৰ বিশ্বৰ ২.৫ মিলিয়নৰো অধিক ৰোগীৰ জীৱনত মেনিনজাইটিছে গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিছে, এই ৰোগত আক্ৰান্ত হোৱা লোকসকলৰ প্ৰায় ৭০%ই হৈছে পাঁচ বছৰৰ তলৰ শিশু।

গুৱাহাটীৰ পিএ চাংমা আন্তঃৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয় আৰু শিশু ৰোগ বিশেষজ্ঞ তথা চিকিৎসা অধীক্ষক ডাঃ ৰস্না দাস হাজৰিকাই এই বিষয়ত গুৰুত্ব আৰোপ কৰি কয় যে “মেনিনজাইটিছ ৰোগত আক্ৰান্ত হ’লে দ্ৰুত গতিৰ সংক্ৰমণ হৈ জীৱনলৈ ভাবুকি আহিব পাৰে, পৰিণাম ভয়াৱহ হ’ব পাৰে, বিশেষকৈ শিশুৰ বা কম বয়সীয়া লোকৰ উচ্চ বিপদাশংকা থাকে, লগতে নিজৰ জীৱনক লৈ অসচেতন বা আপোচ কৰা আৰু ৰোগ প্ৰতিৰোধ প্ৰণালী দুৰ্বল লোকসকল বিপদত পৰিব পাৰে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰতিষেধক হৈছে আমাৰ আটাইতকৈ শক্তিশালী জীৱনৰেখা, যিয়ে এই দুৰ্বল গোটবোৰক সুৰক্ষা দিয়াৰ লগতে নিশ্চিত কৰে যাতে এই ৰোগৰ ফলত হ’ব পৰা গুৰুতৰ, দীৰ্ঘম্যাদী জটিলতাৰ সন্মুখীন হ’ব লগা নহয়।”

যদি আপোনাৰ শিশুটিৰ বয়স ৯ মাহ বা তাতকৈ বেছি, তেন্তে নিশ্চিত হওক যে নিজৰ সন্তানে যাতে ইনভেছিভ মেনিনজাইটিছ ৰোগৰ ভেকচিন লাভ কৰে। বিশ্ব স্বাস্থ্য সংস্থাইও ২০৩০ চনৰ ভিতৰত বেক্টেৰিয়াজনিত মেনিনজাইটিছ মহামাৰী নিৰ্মূল কৰাৰ লক্ষ্যৰে ৰোডমেপ প্ৰস্তুত কৰি মুকলি কৰিছে, য’ত ভেকচিনৰ দ্বাৰা প্ৰতিৰোধযোগ্য ৰোগীৰ সংখ্যা ৫০% আৰু মৃত্যুৰ সংখ্যা ৭০%লৈ হ্ৰাস কৰাৰ প্ৰয়াস কৰিছে। আহক, বিশ্ব মেনিনজাইটিছ দিৱস পালন কৰাৰ সময়ত আমি সকলোৱে আমাৰ শিশু আৰু সমাজখনক সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি লওঁ। আজি সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিলেহে কাইলৈৰ ​​জীৱন ৰক্ষা কৰিব পাৰি, লগতে সকলোৰে বাবে এখন সুস্থ ভৱিষ্যৎ নিশ্চিত কৰিব পাৰি।