জনিয়াত বিশ্ব পৰিৱেশ দিৱস পালন

123

বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি অসম ৰাজ্যিক গ্ৰামীণ জীবিকা অভিযান মন্দিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত জনিয়া মহামিলন মণ্ডল পৰ্য্যায়ৰ সংগঠনৰ সৌজন্যত গছ পুলি ৰোপনেৰে ‘সেউজী ধৰণী ধুনীয়া ‘ কাৰ্যসূচী ৰূপায়ন কৰা হয়।

মহামিলন পৰ্যায়ৰ সংগঠণটোৱে গছ পুলি ৰোপন কৰাৰ লগতে এক সজাগতা মূলক ৰেলী উলিয়াই গছ পুলি ৰোপন কৰক, ৰাস্তাঘাট ছাফা কৰক, ল’ৰা ছোৱালীক স্কুলত দিয়ক, বাল্য বিবাহ বন্ধ কৰক আদি শ্লোগানেৰে ৰাইজক সজাগ কৰাৰ বাবে এক সজাগতামূলক ৰেলী উলিয়াই জনিয়াৰ মুখ্য পথ সমুহ পৰিভ্ৰমণ কৰে।