গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ অসম – মেঘালয় সীমান্তবৰ্তী বৃহত্তৰ ৰাণী অঞ্চলকে ধৰি দাঁতি কাষৰীয়া দক্ষিণ কামৰূপৰ বিভিন্ন প্ৰান্তত চলি থকা বনৰীয়া হাতীৰ তাণ্ডৱৰ বাবে স্বাভাৱিক জনজীৱন ব্যাহত হোৱা পৰিলক্ষিত হৈছে। আনকি হাতীৰ তাণ্ডৱৰ বাবে বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন প্ৰান্তত মানুহে সন্ধিয়া আন্ধাৰ হোৱাৰ পাছতেই ঘৰৰ ভিতৰত সোমাই থাকিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। প্ৰথম অৱস্থাত বনৰীয়া হাতীয়ে ৰাণী অঞ্চলকে ধৰি দাঁতি কাষৰীয়া অঞ্চলত তাণ্ডৱ চলাই আহিছিল। কিন্তু এতিয়া হাতীয়ে দক্ষিণ কামৰূপৰ পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মনিয়েৰী তিনিআলী, বটিয়াপাৰা , মিৰ্জাৰ সমীপৰ গোপালপুৰ, জামৰতল, কল্লাপাৰা, ৰঙামাটি, ভাগৱতীপাৰা, বৰিহাট, শিকাৰহাটী ,ভাল্লা , বাটৰহাট, গোঁসাই মেধিপাৰা, ইত্যাদি অঞ্চলত বিগত কেইবামাহ ধৰি বন্যহস্তীয়ে উপদ্ৰৱ চলাই গঞাৰ বাসগৃহ লণ্ড-ভণ্ড কৰাৰ লগতে বস্তিৰ কল, তামোল আদি খাই যথেষ্ট অনিষ্ট সাধন কৰি আহিছে।
যোৱা নিশাও ৩ জনীয়া এটা বন্যহস্তীৰ দলে ৰঙামাটিৰ কলিতাপাৰাৰ চৌহদত সোমাই ভঁড়াল ঘৰ ভাঙি ধান খাই লণ্ড-ভণ্ড কৰাৰ লগতে বস্তিৰ সা-সম্পদ তহিলং কৰে। আনহাতে উক্ত গাঁৱৰে দুঘৰ লোকৰ চৌহদৰ দেৱাল ভঙাৰ লগতে পাকঘৰত থকা বুজন পৰিমাণৰ চাউল খাই তহিলং কৰে। হাতীৰ তাণ্ডৱৰ পৰা কেবাটাও পৰিয়ালৰ লোক ৰক্ষা পৰিলেও বিভিন্নজনৰ বস্তিত সোমাই কল, কুহিয়াৰ , কঠাল আদি খোৱাৰ লগতে সা-সামগ্ৰীৰ অনিষ্ট সাধন কৰে। ঘটনা সন্দৰ্ভত স্থানীয় লোকে লোহাৰঘাটত থকা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত খৱৰ দিয়াত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ বন্যহস্তীৰ জাকটো খেদি পঠিয়াবলৈ সক্ষম হয়।
ৰাইজে ভুক্তভোগী পৰিয়ালসমূহক ক্ষতিপূৰণ দিবলৈ দাবী উত্থাপন কৰিছে। আনহাতে উক্ত অঞ্চলৰ জনসাধাৰণে সন্ধিয়া হ’লে ঘৰত সোমাবলগীয়া হয় কাৰণ অহা-যোৱা পথ সমূহত সন্ধিয়া হ’লেই বন্যহস্তীয়ে বিচৰণ কৰি এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰে। এই বন্যহস্তীৰ উপদ্ৰপ ৰোধৰ দাবী উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে। গুৰুত্বপূৰ্ণ যে, পলাশবাৰী আৰু ৰাণী অঞ্চলৰ বিভিন্ন স্থানত আৱদ্ধ হৈ পৰা বন্যহস্তীয়ে সঘনাই এইদৰে উপদ্ৰৱ চলাই আহিছে যদিও ৰাজ্যৰ বন বিভাগ তথা আৰক্ষী প্ৰশাসনে কোনো ব্যবস্থা গ্রহণ কৰিবলৈ সক্ষম হোৱা নাই।
