ৰাজ্যত আকৌ বানে প্ৰলয় সৃষ্টি কৰাৰ আশংকাই দেখা দিছে ৷ শেহতীয়াকৈ বতৰ বিজ্ঞান কেন্দ্ৰই এক জাননী জাৰি কৰিছে ৷ ৩০ জুলাইৰ পৰা ১ আগষ্টলৈকে সমগ্ৰ অসমৰ বিভিন্ন স্থানৰ লগতে চুবুৰীয়া ৰাজ্য যেনে অৰুণাচল প্ৰদেশৰ পূব ছিয়াং, লোহিত, নামচাই, লংডিং, পাপুম্পাৰে, নামনি সোৱণশিৰি আৰু নামনি দিবাং উপত্যকাত ধাৰাসাৰ বৰষুণৰ লগতে ধুমুহা হ’ব পাৰে ৷

ইয়াৰ প্ৰভাৱ অসমৰ তিনিচুকীয়া, ধেমাজি আৰু লখিমপুৰ জিলাত অধিক মাত্ৰাত পৰিব পাৰে ৷ যাৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই তিনিচুকীয়া জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে ৷ ইয়াৰ উপৰিও নাগালেণ্ডৰ মন, মোককচাং আৰু ওখা জিলাৰ বাবেও অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ৷ ইয়াৰ প্ৰভাৱ চুবুৰীয়া জিলা যেনে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত পৰিব পাৰে ৷
