পশ্চিম এছিয়াত থকা আমেৰিকাৰ সামৰিক ঘাটিত কেইবাটাও বেলিষ্টিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে ৷ আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ডে (চেণ্টকম) এই আক্ৰমণক ‘আকস্মিক আক্ৰমণৰ চেষ্টা’ বুলি অভিহিত কৰে । এক্সৰ এটা পোষ্টত চেণ্টকমে কয় যে ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে (আইআৰজিচি) নিক্ষেপ কৰা সকলো প্ৰজেক্টাইল আমেৰিকাৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই সফলতাৰে নষ্ট কৰে ।পোষ্টটোত উল্লেখ কৰা হয়, “সন্ধিয়া ৫:৪৫ বজাত ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ বাহিনীয়ে মধ্যপ্ৰাচ্যত আমেৰিকাৰ বাহিনীৰ ওপৰত আকস্মিক আক্ৰমণ চলোৱাৰ প্ৰয়াসত ইৰাণৰ পৰা একাধিক বেলিষ্টিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে । ইৰাণৰ সকলো ক্ষেপণাস্ত্ৰ সফলতাৰে নষ্ট কৰা হয় ।”
