ভাৰতীয় টেলিকম নিয়ন্ত্ৰণ কৰ্তৃপক্ষই প্ৰকাশ কৰা শেহতীয়া টেলিকম চাবস্ক্ৰিপচন তথ্য অনুসৰি ভোডাফোন আইডিয়াই একেৰাহে দ্বিতীয় মাহৰ বাবে নেট গ্ৰাহক সংযোজন কৰিবলৈ সক্ষম হৈছে, যিয়ে টেলিকম অপাৰেটৰৰ গ্ৰাহক ভিত্তিত সুস্থিৰতাৰ প্ৰাৰম্ভিক লক্ষণসমূহৰ ইংগিত দিয়ে। ২০২৬ৰ মাৰ্চ মাহৰ ট্ৰাইৰ প্ৰতিবেদন অনুসৰি ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত ২১,৯২৭গৰাকী গ্ৰাহকৰ নেট সংযোজন অভিলেখৰ পিছত ভি-এ ১,০২,৮৯৯ জন গ্ৰাহক সংযোগ কৰিছে। টেলিকম অপাৰেটৰটোৱে মাৰ্চ মাহত অসম, বিহাৰ, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ, কৰ্ণাটক, কেৰালা, কলকাতা, মহাৰাষ্ট্ৰ, মুম্বাই, ওড়িশা, পঞ্জাৱ, তামিলনাডু আৰু উত্তৰ প্ৰদেশ-পূবকে ধৰি ১৫টা টেলিকম চক্ৰত গ্ৰাহকৰ সংযোজনৰ অভিলেখ গঢ়িছিল। গুজৰাট আৰু কৰ্ণাটকে শক্তিশালী প্ৰদৰ্শন কৰা চক্ৰৰ ভিতৰত স্থান লাভ কৰিছে, য’ত ক্ৰমে ১,০১,৭৪৮ আৰু ১,০০,৭০১গৰাকী গ্ৰাহক সংযোজন হোৱাৰ বিপৰীতে অসমত ১৪,৪৯৬গৰাকী নতুন ব্যৱহাৰকাৰী সংযোজন হৈছে।
কোম্পানীটোৱে বিদ্যমান নেটৱৰ্ক বিনিয়োগ আৰু সামগ্ৰীৰ কৌশলৰ বাবে এই ফলাফল লাভ কৰা বুলি সদৰি কৰিছে। ভিআইৰ অফাৰসমূহ যেনে “ননষ্টপ হিৰো”, যিয়ে সীমাহীন ৪জি ডাটা প্ৰদান কৰে আৰু “ছুপাৰ হিৰো”, য’ত সম্প্ৰসাৰিত ৫জি সেৱাৰ লগতে আধা দিনৰ সীমাহীন ৪জি ব্যৱহাৰৰ সুবিধা প্ৰদান কৰে, যিসমূহে গ্ৰাহকসকলৰ মাজত আকৰ্ষণ লাভ কৰিছে।
ভি-এ শেহতীয়াকৈ নিজৰ ৫জি সেৱা ৯০খন অতিৰিক্ত চহৰলৈ সম্প্ৰসাৰণ কৰাৰ কথা ঘোষণা কৰিছে, যাৰ ফলত ২০২৬ৰ মে’ মাহৰ ভিতৰত মুঠ ৫জি সেৱা ১৩৩খন চহৰলৈ বৃদ্ধি পাব।
