ভি ইয়াৰ গ্ৰাহকসকলক ২,৯৪০ মিলিয়ন টকা লৈকে সুবিধা প্ৰদান কৰিব

121

ভাৰতৰ আগশাৰীৰ টেলিকম অপাৰেটৰ ভি য়ে ইয়াৰ ৬০ নিযুতৰ কম আয়ৰ গ্ৰাহকসকলৰ বাবে মহামাৰীৰ চলিত দ্বিতীয় ঢেউৰ বিপদজনক সময়ত সকলোৰ লগে সংযুক্ত হৈ থকাত সহায় কৰিবলৈ বিশেষ কোভিড-১৯ সাহায্য অফাৰ ঘোষণা কৰিছে। এইখন বিশেষ অফাৰত ভি য়ে ৪৯ টকাৰ পেক বিনামূলীয়াকৈ প্ৰদান কৰিব যিটো ২৮ দিনৰ বৈধতাৰ সৈতে ৩৮ টকা আৰু ১০০ এমবি ডাটাৰ টকটাইম প্ৰদান কৰে।

এক বিশেষ অঙ্গীকাৰ হিচাপে, এই এককালীন অফাৰৰ সৈতে, ভিআইএল য়ে দেশৰ কম উপাৰ্জনৰ ব্যৱহাৰকাৰী সকলক ২,৯৪০ মিলিয়ন টকালৈকে সুবিধা প্ৰদান কৰিব। ইয়াৰ উপৰিও, ভি-য়ে জনসংখ্যাৰ এক বৃহৎ অংশক সুবিধা প্ৰদান কৰিবলৈ এটা নতুন কম্বো ভাউচাৰ আৰচি৭৯ মুকলি কৰিছে। এই বিশেষ ৰিচাৰ্জটো সীমিত সময় ২৮ দিনৰ বৈধতাৰ বাবে ১২৮ টকা (৬৪+৬৪) টকাৰ ডাবল টকটাইম আৰু ২০০ এমবি ডাটাৰ সুবিধাৰ সৈতে আহিছে।