ইউপিএছচিৰ অসামৰিক সেৱা ২০২৩-ৰ ফলাফল ঘোষণা

66

ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিছনে (ইউপিএছচি) মঙলবাৰে অসামৰিক সেৱা পৰীক্ষা ২০২৩-ৰ ফলাফল ঘোষণা কৰে, য’ত আদিত্য শ্ৰীবাস্তৱে প্ৰথম স্থান লাভ কৰে।

অনিমেশ প্ৰধান আৰু ডোনুৰু অনন্যা ৰেড্ডীয়ে ক্ৰমান্বয়ে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। ইউপিএছচিয়ে প্ৰকাশ কৰা অনুসৰি। মুঠ ১,০১৬ জন প্ৰাৰ্থীয়ে পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

উল্লেখ্য যে ইউপিএছচিয়ে প্ৰতি বছৰে তিনিটা পৰ্যায়ত ভাৰতীয় প্ৰশাসনিক সেৱা (আইএএছ), ভাৰতীয় বৈদেশিক সেৱা (আইএফএছ) আৰু ভাৰতীয় আৰক্ষী সেৱাৰ (আইপিএছ) বাবে বিষয়া বাছনি কৰে। প্ৰাথমিক, মুখ্য আৰু সাক্ষাৎকাৰত অসামৰিক সেৱা পৰীক্ষা অনুষ্ঠিত কৰে।