মণিপুৰত অব্যাহত থকা কূটাঘাতমূলক কাৰ্যকলাপৰ মাজতে শনিবাৰে ২০২ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ সংঘটিত হয় এক ভয়ংকৰ হত্যাকাণ্ড। উক্ৰুল অভিমুখে গৈ থকা যাত্ৰীবাহী বাহনক লক্ষ্য কৰি অচিনাক্ত সশস্ত্ৰ দুৰ্বৃত্তই চলোৱা অতৰ্কিত গুলীচালনাত এজন অৱসৰপ্ৰাপ্ত সেনা জোৱানসহ দুজন লোক থিতাতে নিহত হয়। ইম্ফলৰ পৰা নিজ গৃহলৈ উভতি অহাৰ পথতে টি এম কাছোম গাঁৱৰ সমীপত নিৰীহ লোক দুগৰাকী এই ভয়াৱহ আক্ৰমণৰ বলি হয়।
আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, এই গুলীচালনাত প্ৰাণ হেৰুওৱা লোক দুজন হ’ল টাশাৰ গাঁৱৰ বাসিন্দা তথা নগা ৰেজিমেণ্টৰ অৱসৰপ্ৰাপ্ত জোৱান এছ ডব্লিউ চিনাওচাং আৰু খাৰাচোমৰ ইয়াৰুংগাম ভাছুম। অচিনাক্ত হত্যাকাৰীৰ দলটোৱে ঘাইপথৰ এক নিৰ্জন স্থানত খাপ পিটি বহি আছিল আৰু বাহনকেইখন অহাৰ লগে লগে ধাৰাসাৰ গুলীবৰ্ষণ কৰে। এই আকস্মিক আক্ৰমণত নিহত হোৱা লোক দুজনৰ উপৰি অন্য কমেও তিনিখন বাহনৰ বিস্তৰ ক্ষতি হয়।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে সুৰক্ষা বাহিনীৰ এটা বিশাল দল ঘটনাস্থলীত উপস্থিত হৈ আক্ৰমণকাৰীৰ সন্ধানত তীব্ৰ অভিযান আৰম্ভ কৰে। এই হত্যাকাণ্ডৰ সৈতে কোনো উগ্ৰপন্থী সংগঠন জড়িত থকাৰ সন্দেহ কৰা হৈছে যদিও বৰ্তমানলৈকে কোনো পক্ষই ইয়াৰ দায়বদ্ধতা স্বীকাৰ কৰা নাই। ৰাজ্যখনৰ সংবেদনশীল অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা সষ্টম কৰি তোলাৰ মাজতে দিন-দুপৰতে সংঘটিত এই গুলীচালনাই এতিয়া নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।
মন কৰিবলগীয়া যে মণিপুৰৰ নগৰ উন্নয়ন মন্ত্ৰী য়ুমনাম খেমচান্দ সিঙৰ উক্ৰুল ভ্ৰমণৰ মাত্ৰ এদিনৰ পাছতে এই দুৰ্ধৰ্ষ আক্ৰমণৰ ঘটনা সংঘটিত হয়। মন্ত্ৰীগৰাকীয়ে অঞ্চলটোত চলোৱা জনসম্পৰ্ক অভিযানৰ ঠিক পাছতেই ঘাইপথত যাত্ৰীক লক্ষ্য কৰি লোৱা এই কাৰ্যই এক গভীৰ ষড়যন্ত্ৰৰ দিশলৈ আঙুলিয়াই দিছে। এই ঘটনাৰ পাছতেই সমগ্ৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ স্পৰ্শকাতৰ স্থানসমূহত নিৰাপত্তা বাহিনীৰ টহল এতিয়া দুগুণে বৃদ্ধি কৰা হৈছে।
