ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভ চৰাইদেউ মৈদামৰ

45

ঐতিহাসিক চৰাইদেউ মৈদামে লাভ কৰিলে এক বিৰল স্বীকৃতি। চৰাইদেউ মৈদামে আজি ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভ কৰিলে। এই স্বীকৃতি লাভৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে আজি অসমৰ বাবে এক স্মৰণীয় দিন৷ বহু প্ৰত্যাশাৰ অন্ত ঘটাই ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভ কৰিলে আমাৰ চৰাইদেউ মৈদামে৷ ইতিহাসৰ পাতত আজিৰ দিনটো এক উল্লেখযোগ্য দিন হিচাপে বিবেচিত হৈ ৰ’ব৷

এয়া অসমৰ বাবে এক বৃহৎ প্ৰাপ্তি৷ তেওঁ লগতে কয় যে চৰাইদেউৰ মৈদাম হৈছে অসমৰ তাই-আহোম জনগোষ্ঠীৰ গভীৰ আধ্যাত্মিক বিশ্বাস, চহকী ঐতিহ্য আৰু স্থাপত্য-ভাস্কৰ্যৰ অপূৰ্ব নিদৰ্শন৷ আজিৰ এই প্ৰাপ্তিৰ লগে লগে কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ পাছত অসমৰ প্ৰেক্ষাপটত চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত হ’ল৷

লগে লগে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত হ’ল চৰাইদেউ মৈদাম৷ আমাৰ চহকী চৰাইদেউ মৈদামক আজিৰ এই বৃহৎ প্ৰাপ্তি প্ৰদান কৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহোপুৰুষাৰ্থ আছিল উল্লেখযোগ্য৷ প্ৰধানমন্ত্ৰীক অসমবাসীৰ হৈ জনালোঁ অযুত কৃতজ্ঞতা৷ পুনৰবাৰ অসমবাসীক জনালোঁ আন্তৰিক অভিনন্দন৷