ৰাজ্যৰ অগ্ৰণী সাংস্কৃতিক – সামাজিক অনুষ্ঠান “মেজাংকৰি মেঘমল্লাৰ”ৰ উদ্যোগত চাৰি জুলাইৰ দিনা সন্ধিয়া মহানগৰীৰ তৰুণ নগৰত মঞ্চস্থ কৰা হয় মহাপুৰুষীয়া ভাওঁনা ‘সাবিত্ৰী সত্যবান’ । তৰুণ নগৰ উন্নয়ন সমিতিৰ সৌজন্যত মঞ্চস্থ হোৱা ভাওঁনাখন উদ্ধোধন কৰে অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে। উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়াৰ শ্ৰী শ্ৰী আদৰ্শ সত্ৰৰ সত্ৰাধিকাৰ মুনমুন দেৱ গোস্বামী, বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামী, অজাপৰ সভাপতি লুৰীণ জ্যোতি গগৈ , পৰিবহণ বিভাগৰ অৱসৰপ্ৰাপ্ত উপ পৰিবহণ আয়ুক্ত তথা তৰুণ নগৰৰ বাসিন্দা গৌতম দাসসহ সাংস্কৃতিক জগতৰ কেবাগৰাকী বিশিষ্ট ব্যক্তি।
আনহাতে ভাওঁনাখনত অভিনয় কৰে অসমৰ ভাওনা জগতৰ কেইবাগৰাকীও শ্ৰেষ্ঠ ভাৱৰীয়া ক্ৰমে – সূত্ৰধাৰৰ চৰিত্ৰত মৃদুস্ময় সোণোৱাল , সত্যবানৰ চৰিত্ৰত অভিজিত বাসুদেৱ, সাৱিত্ৰীৰ চৰিত্ৰত দাদু বৰা, উগ্ৰসেনৰ চৰিত্ৰত দীপাংকৰ বৰা , নাৰদৰ চৰিত্ৰত ৰূপজিত কলিতাই। আটাইকেইজন শিল্পীৰ জীৱন্ত আৰু বলিষ্ঠ অভিনয়ে কেবা শতাধিক দৰ্শকক মন্ত্ৰমুগ্ধ কৰে। আনহাতে জয়ন্ত শইকীয়াই পৰিচালনা কৰা ভাওঁনাখন দোহাৰ পৰিচালনাত আছিল গায়ন প্ৰণৱ দত্ত আৰু টীম মেজাংকৰি মেঘমল্লাৰ।
সামগ্ৰিক পৰিকল্পনা আৰু ব্যৱস্থপনা আছিল সাংবাদিক মানসী দত্তৰ। উল্লেখ্য যে, নাট্য প্ৰযোজনাৰ ক্ষেত্ৰত অভূতপূৰ্ব সাফল্যৰ পাছত ভাওনা জগতত মেজাংকৰি মেঘমল্লাৰৰ এয়া প্ৰথমটো খোজ। গ্ৰীষ্মবন্ধৰ আৰম্ভণিতে কংক্ৰীটৰ মহানগৰীত মহাপুৰুষীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে মেজাংকৰি মেঘমল্লাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লৈছে সকলোৱে।
