ৰাজ্যখনত সম নাগৰিক সংহিতা বলৱৎ কৰাৰ দিশে এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰি সোমবাৰে বিধানসভাৰ বিশেষ অধিৱেশনত উত্থাপন কৰা হ’ল বহু চৰ্চিত ইউচিচি বিধেয়ক। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী অতুল বৰাই “অসম সম নাগৰিক সংহিতা বিধেয়ক, ২০২৬” আনুষ্ঠানিকভাৱে সদনৰ মজিয়াত দাখিল কৰে। কাৰ্যসূচী অনুসৰি, অহা ২৭ মে’ত এই বিধেয়কখনৰ ওপৰত সদনত বিতং আলোচনা আৰু ইয়াক গৃহীত কৰাৰ প্ৰক্ৰিয়া হাতত লোৱা হ’ব।
বিধেয়কখন উত্থাপন হোৱাৰ লগে লগে শাসক আৰু বিৰোধী পক্ষৰ মাজত এক তীব্ৰ ৰাজনৈতিক সংঘাতৰ সূচনা হৈছে। সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰে যে চৰকাৰে নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতি মতেই এই আইনখন আনিছে।
অসমৰ ভৌগোলিক আৰু সামাজিক স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পাহাৰীয়া আৰু ভৈয়ামৰ সকলো জনজাতীয় লোক তথা অনুসূচিত জনজাতিক ইয়াৰ পৰিধিৰ পৰা সম্পূৰ্ণৰূপে আওতাৰ বাহিৰত ৰখা হৈছে। এই বিধেয়কখনৰ মূল লক্ষ্য হৈছে বহুবিবাহ বন্ধ কৰা, বিবাহৰ নূন্যতম বয়স নিৰ্ধাৰণ কৰা, লিভ-ইন সম্পৰ্ক নিয়ন্ত্ৰণ কৰা আৰু মহিলাক সম্পত্তিৰ সমান অধিকাৰ প্ৰদান কৰা।
বিজেপি বিধায়ক দিপ্লু ৰঞ্জন শৰ্মা আৰু মানৱ ডেকাই ইয়াক মহিলাৰ সুৰক্ষাৰ বাবে এক প্ৰয়োজনীয় পদক্ষেপ বুলি অভিহিত কৰাৰ বিপৰীতে মন্ত্ৰী অতুল বৰাই কয় যে ইয়াৰ দ্বাৰা কোনো ধৰ্মীয় ৰীতি-নীতি বা পৰম্পৰাত হস্তক্ষেপ কৰা নহয়।
ইফালে, বিধানসভাৰ মজিয়াতে এই বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি কংগ্ৰেছ নেতা মোকাদ্দিছ ৰকিবুল হুছেইনে কয়, “বহুবিবাহ ৰোধ বা বিবাহৰ বয়স নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে দেশত শক্তিশালী আইন আছেই। এই নতুন আইনখন আনি চৰকাৰে কেৱল ৰাজনৈতিক মেৰুকৰণ কৰিব বিচাৰিছে।”
নিখিল ভাৰত কংগ্ৰেছ কমিটি আৰু প্ৰদেশ কংগ্ৰেছৰ সিদ্ধান্ত মৰ্মে দলৰ বিধায়কসকলে ইয়াৰ বিৰুদ্ধে ভোটদান কৰিব বুলি তেওঁ হুংকাৰ দিয়ে। কংগ্ৰেছকে ধৰি অন্যান্য বিৰোধী নেতাসকলেও চৰকাৰে খচৰা সন্দৰ্ভত ব্যাপক জনমত গঠন নকৰাকৈ ইমান ক্ষিপ্ৰতাৰে ইয়াক সদনত উত্থাপন কৰা কাৰ্যক সমালোচনা কৰে।
আনহাতে, চুবুৰীয়া ৰাজ্য মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমায়ো ইয়াৰ বিৰোধিতা কৰি উত্তৰ-পূবৰ দৰে এক অনন্য জনজাতীয় সমাজ আৰু পৰম্পৰা থকা অঞ্চলত সম নাগৰিক সংহিতা জাপি দিয়াটো অনুচিত বুলি মত প্ৰকাশ কৰে।
