ব্ৰিটেইনৰ পৌৰ সভাৰ নিৰ্বাচনত ইতিহাস ৰচনা কৰিবলৈ সক্ষম হ’ল ভাৰতীয় মূলৰ এহাল মাতৃ-পুত্ৰ। সদ্য সমাপ্ত পৌৰ নিৰ্বাচনত পুত্ৰৰ পাছত এইবাৰ মেয়ৰ নিৰ্বাচিত হ’ল মাতৃও। সংবাদ সংস্থা পি টি আইয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা ১৩ মে’ত ইলষ্ট্ৰী আৰু ব’ৰহামউড টাউন কাউন্সিলৰ মেয়ৰ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে তুষাৰ কুমাৰ নামৰ ২৩ বছৰীয়া যুৱকজনে। ইয়াৰ লগে লগে তেওঁ ব্ৰিটেইনৰ আটাইতকৈ কম বয়সীয়া ভাৰতীয় মূলৰ মেয়ৰ হিচাপে পৰিগণিত হয়। ইয়াৰ ঠিক এসপ্তাহৰ পিছতে তেওঁৰ মাতৃ পাৰৱীন ৰাণীও হাৰ্টচমেয়াৰ বৰো কাউন্সিলৰ মেয়ৰ নিৰ্বাচিত হয়।
বিগত ২০১৩ চনত হাৰিয়ানাৰ পৰা ব্ৰিটেইনলৈ প্ৰব্ৰজন কৰা পৰিয়ালটোৰ এই অভূতপূৰ্ব সাফল্যক লৈ গৌৰৱ প্ৰকাশ কৰে তুষাৰৰ পিতৃ সুনীল দাহিয়াই। তেওঁ জানিবলৈ দিয়ে যে যেতিয়া তেওঁলোকে দেশ এৰিছিল, তেতিয়া তুষাৰৰ বয়স আছিল মাত্ৰ ১০ বছৰ আৰু তেওঁলোকৰ কোনো সুনিৰ্দিষ্ট পৰিকল্পনাও নাছিল।
লণ্ডনত অধ্যয়ন কৰি থকা অৱস্থাতে মাত্ৰ ২০ বছৰ বয়সতে কাউন্সিলৰ হিচাপে নিৰ্বাচিত হৈ ৰাজহুৱা জীৱনত ভৰি দিয়া তুষাৰে ইয়াৰ পূৰ্বে উপ-মেয়ৰ হিচাপেও সফলতাৰে দায়িত্ব পালন কৰিছিল। ৰাজহুৱা আৰু সমাজসেৱাৰ ক্ষেত্ৰত বয়স কেতিয়াও অন্তৰায় হ’ব নোৱাৰে বুলি মন্তব্য কৰে তুষাৰ কুমাৰৰ পিতৃয়ে।
হাৰিয়ানাৰ সোনীপট জিলাৰ ৰোহনা গাঁৱৰ স্থায়ী বাসিন্দা এই পৰিয়ালটোৱে বিদেশত থাকিও নিজৰ শিপাৰ সৈতে সম্পূৰ্ণ সম্পৰ্ক ৰাখি আহিছে। ব্ৰিটেইনৰ ব্যস্ত ৰাজনৈতিক জীৱনৰ মাজতো পাৰৱীন ৰাণী আৰু তুষাৰে তাত বিনামূলীয়াকৈ হিন্দী ভাষা শিক্ষণৰ লগতে বিভিন্ন সামাজিক সংগঠনৰ জৰিয়তে সমাজসেৱাৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ আছে।
প্ৰতিবছৰে নিজৰ গৃহ চহৰ ৰোহতক আৰু পূৰ্বপুৰুষৰ গাঁৱলৈ নিয়মীয়াকৈ ফুৰিবলৈ অহা পৰিয়ালটোৱে যুক্তৰাজ্যৰ মাটিতো ভাৰতীয় সংস্কৃতি আৰু জনসাধাৰণৰ কল্যাণৰ বাবে অহৰহ কাম কৰি যাব বুলি সুনীল দাহিয়াই মন্তব্য কৰে।
