টিভিএছ ৰাইডাৰে ষ্টাইল আইকন এৱাৰ্ডছ ২০২৬ৰ সৈতে টাইটেল পাৰ্টনাৰ হিচাপে অংশীদাৰিত্ব কৰিছে। মটৰচাইকেল ব্ৰেণ্ডটোৰ এই পদক্ষেপৰ উদ্দেশ্য হৈছে ভাৰতৰ যুৱ আৰু ফেশ্বন-সচেতন গ্ৰাহকসকলৰ সৈতে নিজৰ সম্পৰ্ক অধিক শক্তিশালী কৰা। এই সহযোগিতাই যাতায়ত, ফেশ্বন, মনোৰঞ্জন আৰু জনপ্ৰিয় সংস্কৃতিক একত্ৰিত কৰিছে, যিয়ে দেশৰ যুৱ প্ৰজন্মৰ আকাংক্ষা আৰু স্বকীয়তাক প্ৰতিফলিত কৰা এক মটৰচাইকেল হিচাপে টিভিএছ ৰাইডাৰৰ স্থিতি বা পৰিচয়ক পুনৰবাৰ প্ৰমাণিত কৰিছে।
কোম্পানীটোৱে জনোৱা মতে, এই অংশীদাৰিত্ব টিভিএছ ৰাইডাৰৰ ষ্টাইল-ফৰৱাৰ্ড প্ৰতিচ্ছবিৰ সৈতে সম্পূৰ্ণ খাপ খায়, যিখন বাইক নিজৰ ব্যতিক্ৰমী ডিজাইন, প্ৰদৰ্শন আৰু যুৱ আৰোহীসকলৰ মাজত থকা জনপ্ৰিয়তাৰ বাবে পৰিচিত। এই সহযোগিতাৰ অংশ হিচাপে ব্ৰেণ্ডটোৱে #ৰেইড দ্য কাৰ্পেট নামৰ এক দেশজোৰা ছচিয়েল মিডিয়া প্ৰতিযোগিতা আৰম্ভ কৰিছে, যিয়ে টিভিএছ ৰাইডাৰৰ গৰাকীসকলক নিজৰ মটৰচাইকেলখনৰ সৈতে নিজৰ ব্যক্তিগত ষ্টাইল প্ৰদৰ্শন কৰিবলৈ আমন্ত্ৰণ জনাইছে। নিৰ্বাচিত অংশগ্ৰহণকাৰীসকলে মুম্বাইত অনুষ্ঠিত হ’বলগীয়া ষ্টাইল আইকন এৱাৰ্ডছত উপস্থিত থকাৰ এক সুযোগ লাভ কৰিব।
এই সহযোগিতাত ব্ৰেণ্ডৰ দ্বাৰা পৰিচালিত কেইবাটাও কাৰ্যসূচী অন্তৰ্ভুক্ত থাকিব, যাৰ ভিতৰত আছে টিভিএছ ৰাইডাৰৰ আৰোহীসকলৰ দ্বাৰা চেলিব্ৰিটীসকলক আমন্ত্ৰণ পত্ৰ প্ৰদান কৰা, ফেশ্বন শ্ব’ৰ সময়ত টিভিএছ ৰাইডাৰৰ দ্বাৰা অনুপ্ৰাণিত এক বিশেষ খণ্ড প্ৰদৰ্শন কৰা, টিভিএছ ৰাইডাৰ এংগেজমেণ্ট জ’নৰ জৰিয়তে মত বিনিময়মূলক অভিজ্ঞতা লাভ কৰা আৰু স্বকীয়তা তথা দৰ্শকৰ পচন্দক সন্মান জনাই এক বিশেষভাৱে প্ৰস্তুত কৰা বঁটাৰ শিতান আদি। এই সমগ্ৰ প্ৰচাৰ অভিযান ডিজিটেল আৰু ছচিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তেও ব্যাপকভাৱে প্ৰসাৰিত কৰা হ’ব।
গুৱাহাটী মহানগৰীত এই পদক্ষেপে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ গ্ৰাহকসকলৰ মাজত টিভিএছ ৰাইডাৰৰ আকৰ্ষণ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে, য’ত ষ্টাইলিছ আৰু অত্যাধুনিক বৈশিষ্ট্যযুক্ত কম্পিউটাৰ মটৰ চাইকেলৰ চাহিদা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। উদ্যোগ পৰ্যবেক্ষকসকলৰ মতে, যুৱ-কেন্দ্ৰিক মনোৰঞ্জন আৰু ফেশ্বন প্লেটফৰ্মসমূহৰ সৈতে হোৱা এনে ধৰণৰ সহযোগিতাই গুৱাহাটী মহানগৰীৰ দৰে উদীয়মান চহৰীয়া বজাৰসমূহত ব্ৰেণ্ডৰ দৃশ্যমানতা শক্তিশালী কৰা আৰু গ্ৰাহকৰ ক্ৰয়ৰ সিদ্ধান্তত প্ৰভাৱ পেলাব পাৰে।
