দেশৰ আগশাৰীৰ স্পৰ্টী স্কুটাৰ হিচাপে পৰিচিত টিভিএছ এনটৰ্কে নতুন ব্ৰেণ্ড অভিযান দ্য ষ্ট্ৰীটছ ৰিমেম্বাৰ মুকলি কৰিছে। সমগ্ৰ দেশৰ ফুটবল অনুৰাগী আৰু যুৱ গ্ৰাহকসকলক আকৰ্ষিত কৰিবলৈ কোম্পানীটোৱে আৰ্জেণ্টিনা ফুটবল এছ’চিয়েচন(এএফএ)ৰ সৈতে থকা নিজৰ ব্যবসায়িক সহযোগিতাক এই প্ৰচাৰ অভিযানত ব্যৱহাৰ কৰিছে। এই প্ৰচাৰ অভিযানৰ জৰিয়তে ফুটবল চেম্পিয়নসকলৰ খেলুৱৈ সুলভ মনোভাৱক উদযাপন কৰা হৈছে আৰু স্কুটাৰ ব্ৰেণ্ডটোক প্ৰদৰ্শন, আত্মবিশ্বাস, উচ্চাকাংক্ষা তথা স্বকীয়তা আদি বৈশিষ্ট্যৰ সৈতে সংযোগ কৰা হৈছে। আৰ্জেণ্টিনা ফুটবল এছ’চিয়েচনৰ অফিচিয়েল আঞ্চলিক অংশীদাৰ হিচাপে টিভিএছ এনটৰ্কে জনোৱা অনুসৰি এই পদক্ষেপে ফুটবল খেলবিধক এক নতুন মাত্ৰা দিয়া খেলুৱৈ আৰু দলসমূহৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে স্কুটাৰখনৰ ষ্টাইল, সহজে চাব চম্ভাল কৰিব পৰা গুণ আৰু ৰাজপথৰ জনপ্ৰিয়তাক প্ৰতিফলিত কৰে।
ডেণ্টছু ক্ৰিয়েটিভ নামৰ সংস্থাটোৱে প্ৰস্তুত কৰা এই প্ৰচাৰ অভিযানত গোলকীয় ফুটবল তাৰকাসকল আৰু টিভিএছ এনটৰ্কক একেলগে দেখুওৱা হৈছে। ইয়াত এনে এক কাহিনী ফুটাই তোলা হৈছে, যিয়ে আন্তঃৰাষ্ট্ৰীয় পৰিচয় লাভৰ বহু পূৰ্বৰে পৰা খেলুৱৈসকলৰ সফলতাৰ আঁৰত থকা পথ, সমাজ আৰু সংগ্ৰামময় যাত্ৰাক প্ৰদৰ্শন কৰে। প্ৰতিষ্ঠানটোৱে কয় যে, এই প্ৰচাৰ অভিযানৰ লক্ষ্য হৈছে ফুটবল সংস্কৃতিক উদযাপন কৰা আৰু শ্ৰেষ্ঠত্ব তথা সফলতাৰ দ্বাৰা অনুপ্ৰাণিত হোৱা নতুন প্ৰজন্মৰ সৈতে এক আৱেগিক সম্পৰ্ক গঢ়ি তোলা।
এই একত্ৰিত বিপণন কাৰ্যসূচী বিভিন্ন মাধ্যম যেনে— চুটি ছবি, ছপা বিজ্ঞাপন, আউট-অৱ-হোম প্ৰচাৰ, অনুৰাগী সংযোগ কাৰ্যসূচী আৰু পোনপটীয়া প্ৰচাৰ কাৰ্যৰ জৰিয়তে মুকলি কৰা হ’ব। গুৱাহাটী মহানগৰীৰ প্ৰেক্ষাপটত, এই প্ৰচাৰ অভিযানে চহৰখনৰ ক্ৰমবৰ্ধমান ফুটবল অনুৰাগী আৰু যুৱ চহৰীয়া যাত্ৰীসকলক বিশেষভাবে আকৰ্ষিত কৰিব বুলি আশা কৰা হৈছে। উদ্যোগটোৰ বিশেষজ্ঞসকলৰ মতে, বিশ্বজুৰি ফুটবলৰ জনপ্ৰিয়তা আৰু উত্তৰ-পূৰ্বাঞ্চলত আৰ্জেণ্টিনা দলৰ বিপুল অনুৰাগীৰ সংখ্যাক লক্ষ্য কৰিলে এই পদক্ষেপে ভাৰতৰ আটাইতকৈ ফুটবলপ্ৰেমী অঞ্চলসমূহৰ অন্যতম এই অঞ্চলটোত টিভিএছ এনটৰ্কৰ ব্ৰেণ্ড দৃশ্যমানতা আৰু গ্ৰাহকৰ সঁহাৰি বৃদ্ধিত যথেষ্ট সহায়ক হ’ব পাৰে।
