ফেষ্টিভ ছিজনৰ পূৰ্বে ক্ৰীড়াসুলভ স্কুটী খণ্ডত নিজৰ স্থিতি অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে টিভিএছ মটৰ কোম্পানী-এ নিজৰ টিভিএছ এনটৰ্ক ১২৫ ডিস্ক আৰু ৰেচ এডিচন স্কুটী দুখন নতুন ৰং আৰু নতুন গ্ৰাফিক্সৰ সৈতে বজাৰত মুকলি কৰিছে। অলপতে মুকলি হোৱা টিভিএছ এনটৰ্ক ১৫০ আৰু যোৱা বছৰ টিভিএছ এনটৰ্ক ৰেচ এক্সপিৰ বৈশিষ্ট্যৰ উন্নীতকৰণৰ পিছতে কোম্পানীটোৱে এই শেহতীয়া আপডেট লৈ আহিছে।
টিভিএছ এনটৰ্ক ১২৫ ৰেচ এডিচনত এতিয়া তিনিটা নতুন ৰঙৰ সংমিশ্ৰণ উপলব্ধ হ’ব— ড্ৰীফ্ট ব্লু, ইনফাৰ্ন’ ৰেড আৰু ৰাছ গ্ৰীন। এই ৰঙৰ সৈতে থকা ৰঙীন এলয় হুইলে ইয়াৰ ক্ৰীড়াসুলভ ৰূপ অধিক অনন্য কৰি তুলিব। আনহাতে, ডিস্ক ভেৰিয়েণ্টত দুটা নতুন ৰং যোগ কৰা হৈছে— মিডনাইট ব্লেক আৰু স্পিটি হোৱাইট। ইয়াৰ উপৰিও, বৰ্তমানৰ নাৰ্ড’ গ্ৰে মডেলটাত এক নতুন আৰু তীক্ষ্ণ ৰূপ দিবলৈ গ্ৰাফিক্স সলনি কৰা হৈছে।
কোম্পানীটোৱে স্কুটীখনৰ পূৰ্বৰ প্ৰদৰ্শন পেকেজ একেই ৰাখিছে। ইয়াত থকা টিভিএছ স্মাৰ্টএক্সকানেক্ট ব্লুটুথ কানেক্টিভিটী আৰু সম্পূৰ্ণ ডিজিটেল আৰএলচিডি ইনষ্ট্ৰুমেণ্ট কনচ’ল এতিয়া টিভিএছ এনটৰ্কৰ সকলোবোৰ ভেৰিয়েণ্টতে উপলব্ধ হ’ব। টিভিএছ ৰেচিঙৰ দ্বাৰা অনুপ্ৰাণিত এই নতুন সূচীয়ে ঘাইকৈ প্ৰদৰ্শন আৰু স্মাৰ্ট বৈশিষ্ট্য বিচৰা যুৱ প্ৰজন্মক আকৰ্ষিত কৰিব। উল্লেখযোগ্য যে, টিভিএছ এনটৰ্কে বৰ্তমান চলি থকা ২০২৬ চনৰ ফিফা বিশ্বকাপৰ বাবে আৰ্জেণ্টিনা ফুটবল এছ’চিয়েচনৰ সৈতেও অংশীদাৰিত্ব কৰিছে।
নতুন ৰং আৰু ষ্টাইল আপগ্ৰেডৰ সৈতে টিভিএছ এনটৰ্ক ১২৫ ডিস্ক আৰু ৰেচ এডিচন ভেৰিয়েণ্টসমূহ ক্ৰমে ৮২,৫০০ টকা আৰু ৮৭,৯৫০ টকাৰ প্ৰাৰম্ভিক মূল্যত সমগ্ৰ দেশৰে টিভিএছ মটৰ ডিলাৰশ্বিপত উপলব্ধ হ’ব।
গুৱাহাটী মহানগৰীত ছাত্ৰ-ছাত্ৰী, কৰ্মৰত যুৱক-যুৱতী আৰু দৈনিক যাতায়ত কৰা লোকসকলৰ মাজত প্ৰিমিয়াম ১২৫চিচি স্কুটীৰ চাহিদা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। গতিকে, এই সজীৱ টিভিএছ এনটৰ্ক বিকল্পই চহৰীয়া ক্ৰেতাসকলক বিশেষভাৱে আকৰ্ষিত কৰিব বুলি আশা কৰা হৈছে। ফেষ্টিভ ছিজনৰ ঠিক আগে আগে নতুন ৰং, স্মাৰ্ট প্ৰযুক্তি আৰু স্প’ৰ্টী ডিজাইনৰ এই সমাৱেশে মহানগৰখনৰ প্ৰতিযোগিতামূলক স্কুটী বজাৰত টিভিএছ মটৰৰ স্থিতি অধিক সুদৃঢ় কৰাৰ সম্ভাৱনা আছে।
