ট্ৰুকালাৰে ৱেব আৰু এণ্ড্ৰইড ব্যৱহাৰকাৰীসকলৰ বাবে ট্ৰুকালাৰ স্কেম চেকাৰ মুকলি কৰিছে, যাৰ জৰিয়তে একাধিক স্কেম-ডিটেকচন সঁজুলিক এটা প্লেটফৰ্মলৈ আনি ব্যৱহাৰকাৰীসকলক সন্দেহজনক লিংক, ফোন নম্বৰ আৰু বাৰ্তাসমূহ পৰীক্ষা কৰাত সহায় কৰা হ’ব।
এই নতুন সেৱাই ব্যৱহাৰকাৰীসকলক ক্ষতিকাৰক(ফিচিং) কাৰ্য-কলাপৰ লক্ষণসমূহৰ বাবে ৱেব লিংকসমূহ পৰীক্ষা কৰিবলৈ, ট্ৰুকালাৰৰ ডিটেকচন চিষ্টেম আৰু কমিউনিটীৰ সংকেত ব্যৱহাৰ কৰি ফোন নম্বৰবোৰ অন্বেষণ কৰিবলৈ আৰু আনৰ দ্বাৰা ৰিপ’ৰ্ট কৰা অনুৰূপ প্ৰতাৰণাৰ ঘটনাৰ বাবে স্কেমফিড ৰিপ’ৰ্টসমূহ সন্ধান কৰিবলৈ সুযোগ প্ৰদান কৰে। ব্যৱহাৰকাৰীসকলে এটা সন্দেহজনক পৰিস্থিতি নিজৰ শব্দৰে বৰ্ণনা কৰিব পাৰে আৰু প্ৰাসংগিক ফলাফল লাভ কৰিব পাৰে, যাৰ ভিতৰত লিংক বা নম্বৰৰ পৰীক্ষা আৰু সম্পৰ্কীয় কমিউনিটী ৰিপ’ৰ্ট অন্তৰ্ভুক্ত থাকে।
ট্ৰুকালাৰে কয় যে এই সেৱাই সন্দেহজনক বাৰ্তাৰ ৩টা সাধাৰণ উপাদান — এটা ফোন নম্বৰ, এটা লিংক আৰু ইয়াৰ সৈতে থকা কাহিনীক একত্ৰিত কৰিছে, যাৰ ফলত ব্যৱহাৰকাৰীসকলে সেইবোৰক এক স্থানতে পৰীক্ষা কৰিব পাৰে। এই পদক্ষেপে কোম্পানীটোৰ স্কেম-প্ৰটেকচন সেৱাক কেৱল কলাৰ আইডেণ্টিফিকেচন আৰু স্পাম ব্লকিঙৰ পৰিসৰৰ উৰ্ধ্বলৈ সেৱা সম্প্ৰসাৰিত কৰিছে।ট্ৰুকালাৰৰ মুখ্য কাৰ্যবাহী বিষয়া ঋষিত ঝুনঝুনৱালাই কয়, “মানুহে প্ৰায়ে কিবা এটা ভুল হৈছে বুলি অনুভৱ কৰে, কিন্তু সঁহাৰি জনোৱাৰ পূৰ্বে ব্যৱহাৰকাৰীক পৰীক্ষা কৰাৰ এটা দ্ৰুত উপায়ৰ প্ৰয়োজন হয়।” তেওঁ লগতে কয় যে, স্কেম চেকাৰে কোম্পানীটোৰ ডিটেকচন সামৰ্থ্য আৰু কমিউনিটী ৰিপ’ৰ্টসমূহক একত্ৰিত কৰে যাতে ব্যৱহাৰকাৰীসকলক সন্দেহজনক লিংক, নম্বৰ বা বাৰ্তাসমূহ অনুসন্ধান কৰাত সহায় কৰিব পৰা যায়। স্কেম চেকাৰ বৰ্তমান ভাৰতত এণ্ড্ৰইড এপৰ জৰিয়তে আৰু বিশ্বজুৰি ট্ৰুকালাৰ ৱেবছাইটৰ জৰিয়তে উপলব্ধ। কোম্পানীটোৱে পৰৱৰ্তী পৰ্যায়ত ইয়াৰ পৰিসৰ সম্প্ৰসাৰণ কৰা, স্ক্ৰীনশ্বট বিশ্লেষণ আৰু প্ৰমাণীকৰণ বৈশিষ্ট্য সংযোগ আৰু আইঅ’এছ তথা অতিৰিক্ত আঞ্চলিক উপলব্ধতা প্ৰৱৰ্তনৰো পৰিকল্পনা কৰিছে।
