৩,০০০ দক্ষ ব্যক্তিক নিযুক্তি দিবলৈ কৰমযোগী নিযুক্তি অভিযানৰ কথা ঘোষণা ট্ৰাইডেণ্ট গ্ৰুপৰ

6

সমগ্ৰ ভাৰতবৰ্ষত ৩,০০০ দক্ষ ব্যক্তিক নিযুক্তি দিয়াৰ লক্ষ্যৰে বিশ্বব্যাপী সংঘবদ্ধ সংস্থা ট্ৰাইডেণ্ট গ্ৰুপে কৰমযোগী নিযুক্তি অভিযানৰ কথা ঘোষণা কৰিছে। এই পদক্ষেপে ট্ৰাইডেণ্ট গ্ৰুপৰ এক সামগ্ৰিক, শক্তিশালী সম্প্ৰদায় গঢ়ি তোলা আৰু ভাৰতবৰ্ষৰ আৰ্থ-সামাজিক উন্নয়নত অৰিহণা যোগোৱাৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে। এই অভিযানত মধ্যপ্ৰদেশ (বুধনী) আৰু পঞ্জাৱ (ধৌলা আৰু সংঘেৰা)ৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হ’ব, য’ত ক্ৰীড়া পটভূমিৰ মহিলা আবেদনকাৰী আৰু প্ৰাৰ্থীক অগ্ৰাধিকাৰ প্ৰদান কৰা হ’ব। ৩,০০০+ ব্যক্তিক কৰ্মসংস্থাপন প্ৰদান কৰি ট্ৰাইডেণ্ট গ্ৰুপে পৰোক্ষভাৱে ১৫,০০০ৰো অধিক পৰিয়ালৰ সদস্যক উপকৃত কৰিব, লগতে স্থানীয় অৰ্থনীতি বৃদ্ধি কৰিব, জীৱনৰ মান উন্নত কৰিব আৰু ৰাষ্ট্ৰীয় জিডিপিলৈও অৰিহণা যোগাব।


এই নিযুক্তি অভিযানৰ বিষয়ে সদৰি কৰি ট্ৰাইডেণ্ট গ্ৰুপৰ চিএইচআৰঅ’ পূজা লুথ্ৰাই কয় যে, “কৰমযোগী নিযুক্তি অভিযানে আমি সেৱা আগবঢ়োৱা সম্প্ৰদায় বা অঞ্চলসমূহত ইতিবাচক প্ৰভাৱ পেলোৱাৰ লগতে হাজাৰ হাজাৰ লোকৰ বাবে অৰ্থপূৰ্ণ কামৰ সুযোগ সৃষ্টি কৰাৰ আমাৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখে।” নিযুক্তি প্ৰক্ৰিয়াত অনলাইনযোগে পঞ্জীয়ন, আবেদন, অফলাইন মূল্যায়ন আৰু দক্ষতা মূল্যায়ন আদিৰ ব্যৱস্থা কৰা হৈছে।

সফল প্ৰাৰ্থীসকলে ট্ৰাইডেণ্ট গ্ৰুপৰ বিভিন্ন বিভাগত যোগদান কৰিব পাৰিব, যাৰ ভিতৰত আছে অপাৰেচন, ইঞ্জিনিয়াৰিং, মেইণ্টেনেন্স আৰু এডমিনিষ্ট্ৰেচন। এই পদসমূহে ৮ ঘণ্টাৰ কৰ্মদিনৰ বাবে প্ৰতিমাহে ৫০,০০০ টকাৰ প্ৰাৰম্ভিক পাৰিতোষিক প্ৰদান কৰিব, যাৰ ফলত মৰ্যাদাপূৰ্ণ মজুৰি আৰু কৰ্ম-জীৱনৰ উন্নত ভাৰসাম্য নিশ্চিত কৰা হ’ব।