সোমবাৰে নিশা পুনৰ এক ৰে’ল দুৰ্ঘটনা সংঘটিত হয় ৷ এই ৰে’ল দুৰ্ঘটনাক কেন্দ্ৰ কৰি চাৰিওফালে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় ৷ দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে নিশাই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ লোক ৷ কিন্তু এই দুৰ্ঘটনা সংঘটিত হোৱাৰ প্ৰায় ২ ঘণ্টাৰ পাছতো উক্ত স্থানত ৰে’ল বিভাগৰ কোনো লোক উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজ তথা প্ৰত্যক্ষদৰ্শীয়ে ৷উত্তৰাখণ্ডৰ ঋষিকেশৰ যোগনগৰী ৰে’ল ষ্টেচনত সংঘটিত হয় ৰে’ল দুৰ্ঘটনাটো ৷ ১৯ মে’ৰ পুৱাৰ ভাগত উজ্জয়িনী অভিমুখে যাত্ৰা কৰাৰ কথা আছিল দুৰ্ঘটনাতপতিত ৰে’লখন ।প্ৰত্যক্ষদৰ্শীৰ মতে, ৰে’লখনে হঠাতে গতিবেগ বৃদ্ধি কৰি কিছু দূৰত্বত লাইনচ্যুত হয় ৷ ইয়াৰ প্ৰভাৱ ইমানেই প্ৰবল আছিল যে ঘটনাৰ ফলত চাৰিওফালে এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷
