কাম কৰি থকা অৱস্থাতে হঠাতে গছৰ ডাল ভাঙি মূৰত পৰাৰ ফলত অকাল মৃত্যুক সাৱটি ল’বলগীয়া হ’ল এজন চফল যুৱকে। থিতাতে প্ৰাণ হেৰুওৱা এই দুৰ্ভগীয়া যুৱকজন বকো সমষ্টিৰ চন্দ্ৰা গাঁৱৰ ৩২ বছৰীয়া নয়ন ৰাভা বুলি চিনাক্ত কৰা হৈছে।
কামৰূপ জিলাৰ নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত মন্দিৰা আৰক্ষী চকীৰ উপান্ত অঞ্চলত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। পৰিয়াল আৰু স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, মন্দিৰাৰ বাসিন্দা নিগমানন্দ ঠাকুৰীয়াৰ ঘৰৰ চৌহদত গছ কাটি থকাৰ বাবে হাজিৰা কৰিবলৈ গৈছিল যুৱকজন। গছৰ ওপৰত কাম কৰি থকাৰ সময়তে হঠাতে ওপৰৰ পৰা এটা বৃহৎ আকাৰৰ গছৰ ডাল ভাঙি পৰে নয়নৰ মূৰত। ফলত তেওঁ নিয়ন্ত্ৰণ হেৰুৱাই ওপৰৰ পৰা পোনচাটেই তলৰ মাটিত সৰি পৰে।
মাটিত পৰি যোৱাৰ পিছতে অত্যধিক ৰক্তক্ষৰণ হ’বলৈ ধৰা যুৱকজনক স্থানীয় ৰাইজে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায়। কিন্তু হাস্পতাল পোৱাৰ পূৰ্বেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। এই আকস্মিক ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে।
ঘটনাৰ খবৰ পাই পিছত মন্দিৰা আৰক্ষী চকীৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। তেওঁলোকে মৃতদেহটো উদ্ধাৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ দিহা কৰে। এই সন্দৰ্ভত ইতিমধ্যে মৃত যুৱকজনৰ শোকাকুল পৰিয়ালৰ লোকে আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে।
