বন্ধুৰ সৈতে বেডমিণ্টন খেলি থকাৰ সময়তে হঠাৎ ঢলি পৰি মৃত্যুক সাৱটি লয় এজন ব্যক্তিয়ে। সমগ্ৰ দেশজুৰি হৃদৰোগত আক্ৰান্তৰ ভয়াবহ বৃদ্ধিৰ মাজতে মঙলবাৰে নতুন দিল্লীত সংঘটিত হয় এই কৰুণ ঘটনা। বেডমিণ্টন ক’ৰ্টত খেলি থকাৰ সময়তে মৃত্যু ঘটা সুধীৰ গুপ্তা নামৰ ব্যক্তিজনৰ মৃত্যুৰ কাৰণ হৃদক্ৰিয়া বন্ধ হোৱা বুলি নিশ্চিত কৰিছে চিকিৎসকে।
সামাজিক মাধ্যমত বৰ্তমান এক চিচিটিভি ফুটেজ ভাইৰেল হৈ পৰিছে, য’ত এই ভয়ংকৰ দৃশ্য স্পষ্টকৈ ধৰা দিছে। ভিডিঅ’টোত দেখা গৈছে যে কেইজনমান লোকৰ সৈতে অতি উৎসাহেৰে বেডমিণ্টন খেলি আছিল সুধীৰ গুপ্তাই। তেনে সময়তে তেওঁ হঠাৎ মাটিত লুটি খাই পৰে আৰু লগে লগে আন খেলুৱৈসকলে তেওঁৰ ওচৰলৈ দৌৰি আহে। প্ৰথম অৱস্থাত কোনেও একো ধৰিব পৰা নাছিল যদিও পৰিস্থিতিৰ গুৰুত্ব বুজি সকলোৱে তেওঁক উদ্ধাৰ কৰিবলৈ চেষ্টা চলায়।
সংকটজনক অৱস্থাত থকা খেলুৱৈজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে সতীৰ্থসকলে। কোনোবাই তেওঁৰ মুখত পানী চটিয়াইছিল, তেন্তে কোনোবাই তেওঁক পুনৰ জ্ঞান ঘূৰাই আনিবলৈ চেষ্টা কৰে। কিন্তু দুৰ্ভাগ্যবশতঃ চিকিৎসালয় পোৱাৰ পূৰ্বেই মৃত্যু হয় সুধীৰ গুপ্তাৰ। অৱশ্যে এই সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত এতিয়ালৈকে আৰক্ষীৰ তৰফৰ পৰা কোনো আনুষ্ঠানিক নিশ্চিতি পোৱা হোৱা নাই।
এক্স একাউণ্টৰ পৰা শ্বেয়াৰ কৰা এই ভিডিঅ’টোৱে এতিয়া নেটিজেনসকলৰ মাজত তীব্ৰ শংকাৰ সৃষ্টি কৰিছে। বহু ব্যৱহাৰকাৰীয়ে ইয়াক ‘ছাইলেন্ট হাৰ্ট এটেক’ বুলি অভিহিত কৰিছে আৰু ফিট দেখা মানুহৰ এনেদৰে মৃত্যু হোৱা কাৰ্যক লৈ উদ্বেগ প্ৰকাশ কৰিছে। এই ঘটনাই এতিয়া প্ৰতিগৰাকী খেলুৱৈ বা ফিটনেছ প্ৰেমীক নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সচেতন হ’বলৈ আৰু নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰিবলৈ বাধ্য কৰিছে।
