বিদ্যুৎস্পৃষ্ট হৈ ইজনৰ পিছত সিজনকৈ মৃত্যুক সাৱটিবলগীয়া হ’ল একেটা পৰিয়ালৰ চাৰি সদস্যই। বুধবাৰে পুৱা মহাৰাষ্ট্ৰৰ ছাতাৰা জিলাত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা। বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ অহা পৰিয়ালৰ এজন সদস্যক বচাবলৈ চেষ্টা চলাই প্ৰাণ হেৰুৱাবলগীয়া হয় একেটা পৰিয়ালৰ চাৰিওজনে।
ছাতাৰা জিলাৰ ফল্টন তালুকাৰ খামগাঁও গাঁৱত পুৱা প্ৰায় চাৰে ৫ বজাৰ পৰা ৬ বজাৰ ভিতৰত এই ঘটনা সংঘটিত হয়। আৰক্ষীৰ তথ্য অনুসৰি, ব্যক্তিগত এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ ওচৰত থকা নিজ বাসগৃহৰ সন্মুখত প্ৰথমে বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ আহে ৪৫ বছৰীয়া সতীশ ওৰফে পিছুৰাদ্যা কিষাণ শিণ্ডে।
সতীশ বিদ্যুৎস্পৃষ্ট হোৱা দেখি তেওঁক বচাবলৈ আগবাঢ়ি আহে পত্নী গংগুবাই শিণ্ডে, ২৬ বছৰীয়া পুত্ৰ শচীন শিণ্ডে আৰু ২৪ বছৰীয়া কন্যা আৰ্তি শিণ্ডে। কিন্তু তেওঁলোকো এটাৰ পিছত এটাকৈ সেই বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ অহাত ঘটনাস্থলতে চাৰিওজনৰ মৃত্যু ঘটে।
ছাতাৰা জিলাৰ আৰক্ষী অধীক্ষক নিখিল পিংগলেই জনোৱা মতে, প্ৰাথমিক তদন্তত এডাল কেবল ছিঙি ওপৰৰ বিদ্যুৎ পৰিবাহী লাইনৰ সৈতে লাগি সক্ৰিয় হৈ পৰাৰ সম্ভাৱনা ধৰা পৰিছে। সেই কেবলৰ সংস্পৰ্শলৈ অহাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি তদন্তকাৰীসকলে সন্দেহ প্ৰকাশ কৰিছে।
ঘটনাৰ খবৰ পাই ফল্টন গ্ৰাম্য আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ চাৰিটা ফল্টন উপ-জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
বাসগৃহৰ সন্মুখত থকা তাঁৰডাল কেনেদৰে সক্ৰিয় হৈ পৰিল, এই দুৰ্ঘটনাৰ আঁৰত কোনো গাফিলতি আছিল নেকি আৰু ইয়াৰ বাবে কোনো পক্ষ দায়ী নেকি, সেই সকলো দিশ সামৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। ইতিমধ্যে ঘটনাটোক কেন্দ্ৰ কৰি অপমৃত্যুৰ গোচৰ ৰুজু কৰা হৈছে।
ইফালে, বৰ্ষাকালত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুৰ ঘটনা বৃদ্ধি পোৱাত মহাৰাষ্ট্ৰ ৰাজ্যিক বিদ্যুৎ বিতৰণ কোম্পানীয়ে জনসাধাৰণক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। ভিজা হাতে বৈদ্যুতিক সঁজুলি ব্যৱহাৰ নকৰা, ভিজা বৈদ্যুতিক সামগ্ৰী স্পৰ্শ নকৰা আৰু পানী সোমালে মূল বিদ্যুৎ সংযোগ বন্ধ কৰি দিয়াৰ পৰামৰ্শ দিছে সংস্থাটোৱে।
