বেয়া দিনত ৰাজনৈতিক নেতাসকলৰ ঠিকনা সলনি হোৱাতো কোনো নতুন কথা নহয়। তৃণমূল কংগ্ৰেছৰ অতিপাত বেয়া দিনৰ মাজত দলটোৰ মাজত নেতাসকলৰ কন্দলে এই বিপৰ্যয়ক অধিক ধৰাশায়ী ৰূপ। এনে পৰিস্থিতিৰ মাজতে খবৰ ওলাইছে যে, দলটোৰ পৰা অচিৰেই পদত্যাগ কৰিব সাংসদ ইউচুফ পাঠানে।
এফালে দলৰ মাজত খোৱা-কামোৰা আৰু আনফালে ভূমিকেন্দ্ৰিক কেলেংকাৰীৰ পৰা হাত সাৰিবলৈ তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকীয়ে বিজেপিৰ সৈতে যোগাযোগত আছে বুলি খবৰ প্ৰচাৰ হৈছে। অৱশ্যে এই বিষয়টোক লৈ কোনো মন্তব্য প্ৰদান কৰা নাই সাংসদগৰাকীয়ে।
