টিকেএমে আগবঢ়াইছে নতুন টয়োটা হাইক্ৰছ দ্য জিএক্স(অ’)ৰ পেট্ৰ’ল ভেৰিয়েণ্ট

1203

টয়োটা কিৰ্লস্কাৰ মটৰে (টিকেএম) ইনোভা হাইক্ৰছ দ্য জিএক্স (অ’) বাহনৰ পেট্ৰ’ল ভেৰিয়েণ্টত নতুন গ্ৰেড প্ৰৱৰ্তন কৰিছে, যিয়ে গ্ৰাহক-প্ৰথম সংস্কৃতিৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে আৰু নিজৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিছে। ইনোভা হাইক্ৰছ বাহনসূচীৰ শেহতীয়া সংযোজনে ১০তকৈও অধিক উন্নত আৰাম আৰু প্ৰযুক্তিৰ বৈশিষ্ট্য প্ৰদান কৰিছে যাৰ ফলত অধিক সুবিধা বিচৰা গ্ৰাহকসকলৰ বাবে মূল্য প্ৰস্তাৱৰ মাত্ৰাক ন ৰূপ দিয়া হৈছে। ইতিমধ্যে ইনোভা হাইক্ৰছ দ্য জিএক্স (অ’) গ্ৰেডৰ বুকিং মুকলি কৰা হৈছে আৰু ২০২৪ৰ ১৫ এপ্ৰিলৰ পৰা ডেলিভাৰী আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।

ইনোভা হাইক্ৰছ পেট্ৰ’ল জিএক্স (অ’) পেট্ৰ’ল ভেৰিয়েণ্টে এলইডি ফগ লেম্প, পাৰ্কিং চেন্সৰ আৰু পিছফালৰ ডিফগৰৰ সৈতে এক উদ্যমী বাহ্যিক, চেষ্টনাট-থিমযুক্ত ইণ্টেৰিঅৰ, ছফট টাচ্চ সামগ্ৰী, মিড-গ্ৰেড ফেব্ৰিক আসন আৰু অটো এচি, ১০.১” ইনফোটেইনমেণ্ট চিষ্টেম আৰু পেনোৰামিক ভিউ মনিটৰৰ সৈতে উৎকৃষ্ট আৰাম প্ৰদান কৰে। এই বিষয়ে টয়োটা কিৰ্লোস্কাৰ মটৰৰ বিক্ৰী-সেৱা-ব্যৱহৃত গাড়ী ব্যৱসায়ৰ উপাধ্যক্ষ চবৰি মনোহৰে কয় যে, “গ্ৰাহক-প্ৰথম দৃষ্টিভংগীৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিয়ে আমাক চালিত কৰি আহিছে, ভৱিষ্যতেও উদ্ভাৱনী সামগ্ৰী আৰু সেৱা সৃষ্টিৰ বাবে অনুপ্ৰেৰণা যোগাব।”

জিএক্স (অ’) গ্ৰেডৰ ৭ আৰু ৮খন আসনযুক্ত গাড়ীখন সাতটা গতিশীল ৰঙত উপলব্ধ আৰু ইয়াত ১০তকৈও অধিক উন্নত প্ৰযুক্তি আৰু আৰামদায়ক বৈশিষ্ট্য আছে। ই সম্পূৰ্ণ লোড আৰু গ্ৰাহকৰ চাহিদা অনুসৰি ২০,৯৯,০০০/- টকা (এক্স-শ্ব’ৰুম)ৰ প্ৰাৰম্ভিক মূল্যৰ পৰা উপলব্ধ।