ফ্লিপকাৰ্টৰ ভিআইপি চাবস্ক্ৰিপচন সুবিধা এতিয়া গুৱাহাটীত উপলব্ধ, অনলাইন ক্ৰেতাসকলে লাভ কৰিব একচেটিয়া লাভালাভ

1179

ফ্লিপকাৰ্টে গুৱাহাটীত নিজৰ বহু প্ৰত্যাশিত ভিআইপি চাবস্ক্ৰিপচন প্ৰগ্ৰেম আৰম্ভ কৰিছে, যাৰ জৰিয়তে বুদ্ধিদীপ্ত অনলাইন ক্ৰেতাসকলৰ বাবে বিশেষভাৱে সাজু কৰা একচেটিয়া সুবিধা আগবঢ়াইছে। বেংগালুৰু, দিল্লী-এনচিআৰ, কলকাতা আৰু মুম্বাইৰ দৰে মহানগৰসমূহত লাভ কৰা বিশেষ সফলতাৰ পিছত ফ্লিপকাৰ্ট ভিআইপিয়ে এতিয়া গুৱাহাটীত নিজৰ প্ৰিমিয়াম পাৰ্ক সম্প্ৰসাৰণ কৰিছে, যিয়ে দেশজোৰা সম্প্ৰসাৰণ কৌশলত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে।

৪৯৯ টকাৰ বাৰ্ষিক মেম্বাৰশ্বিপ মাচুলৰ বিনিময়ত ফ্লিপকাৰ্ট ভিআইপি গ্ৰাহকসকলে দ্ৰুত ডেলিভাৰী, ছুপাৰকইন ব্যৱহাৰ কৰি ৫% অতিৰিক্ত সঞ্চয় আৰু সমৰ্পিত গ্ৰাহক সমৰ্থনকে ধৰি একাধিক বিশেষাধিকাৰৰ সুযোগ লাভ কৰিব। উল্লেখযোগ্য যে, নতুন ভিআইপি গ্ৰাহকে সীমিত সময়ৰ অফাৰৰ মূলধন হিচাপে লৈ নিজৰ গেলামাল(গ্ৰচাৰী)ৰ অৰ্ডাৰত সৰ্বাধিক সঞ্চয় কৰিব পাৰে, যাৰ ফলত লেনদেন বা বজাৰ কৰা আৰু মধুময় হৈ পৰে। ফ্লিপকাৰ্টৰ সমৃদ্ধি, গ্ৰাহক আৰু বিজ্ঞাপন খণ্ডৰ জ্যেষ্ঠ উপাধ্যক্ষ প্ৰভ সিঙে এই পদক্ষেপৰ সম্প্ৰসাৰণৰ বিষয়ে নিজৰ উৎসাহ প্ৰকাশ কৰি কয় যে, দেশজুৰি অতুলনীয় অনলাইন শ্বপিং অভিজ্ঞতা প্ৰদান কৰাৰ বাবে ফ্লিপকাৰ্টৰ অটল প্ৰতিশ্ৰুতি আকৌ এবাৰ প্ৰমাণ হৈছে। সিঙে লগতে মন্তব্য কৰে যে, “গুৰুত্বপূৰ্ণ চহৰসমূহত এই কাৰ্যসূচীৰ সুন্দৰ সফলতা লাভ কৰাৰ পিছত আমি গুৱাহাটী আৰু অন্যান্য নিৰ্বাচিত স্থানত ফ্লিপকাৰ্ট ভিআইপি পদক্ষেপ ৰূপায়ণ কৰিবলৈ পাই আনন্দিত হৈছো।”

ফ্লিপকাৰ্টৰ যোগান শৃংখলা আৰু গ্ৰাহক অভিজ্ঞতা বিভাগৰ মুৰব্বী তথা জ্যেষ্ঠ উপাধ্যক্ষ হেমন্ত বদ্ৰীয়ে গ্ৰাহক-কেন্দ্ৰিকতা আৰু বজাৰ যাত্ৰা সৰল কৰি তুলিবলৈ এই কাৰ্যসূচীত গুৰুত্ব আৰোপ কৰিছে। “ফ্লিপকাৰ্টৰ ভিআইপি চাবস্ক্ৰিপচন প্ৰগ্ৰামে লাখ লাখ সামগ্ৰীৰ ওপৰত বিনামূলীয়া ৪৮ ঘণ্টাৰ ডেলিভাৰী, চুপাৰকইন ব্যৱহাৰ কৰি অতিৰিক্ত সঞ্চয় আৰু প্ৰিমিয়াৰ শ্বপিং ফেষ্টিভেলৰ আগতীয়া লাভালাভৰ দৰে অফাৰৰ জৰিয়তে এক পৃথক গ্ৰাহকৰ অভিজ্ঞতা প্ৰদান কৰে,” এইদৰে ব্যাখ্যা কৰে বদ্ৰীয়ে।