এপলৰ মুখ্য কাৰ্যবাহী বিষয়া পদৰ পৰা পদত্যাগ কৰিলে টিম কুকে। এপলে ঘোষণা কৰিছে যে ২০২৬ চনৰ ১ ছেপ্টেম্বৰৰ পৰা টিম কুক কোম্পানীটোৰ পৰিচালনা সমিতিৰ কাৰ্যবাহী অধ্যক্ষ হ’ব আৰু জন টাৰ্নাছ নতুন চিইঅ’ হ’ব। জন টাৰ্নাছ বৰ্তমান হাৰ্ডৱেৰ ইঞ্জিনিয়াৰিঙৰ জ্যেষ্ঠ উপ-সভাপতি।
ষ্টিভ জবছৰ পিছত চিইঅ’ হিচাপে কাৰ্যনিৰ্বাহ কৰে টিম কুক। তেওঁৰ প্ৰায় ১৫ বছৰীয়া কাৰ্যকাল এতিয়া শেষ হ’বলৈ ওলাইছে। কাৰ্যবাহী অধ্যক্ষ হিচাপে টিম কুক কোম্পানীটোৰ কিছুমান কামত সহায় কৰিব, যেনে বিশ্বৰ নীতি নিৰ্ধাৰকসকলৰ সৈতে জড়িত হোৱা।
জন টাৰ্নাছে ২০০১ চনত এপলৰ প্ৰডাক্ট ডিজাইন টিমত যোগদান কৰে।২০১৩ চনত তেওঁ হাৰ্ডৱেৰ ইঞ্জিনিয়াৰিঙৰ ভাইচ প্ৰেচিডেন্ট হয়। টাৰ্নাছে ২০২১ চনত হাৰ্ডৱেৰ ইঞ্জিনিয়াৰিঙৰ জ্যেষ্ঠ উপ-সভাপতি হিচাপে কাৰ্যবাহী দলটোত যোগদান কৰে। এতিয়া তেওঁ ছেপ্টেম্বৰৰ পৰা চিইঅ’ৰ ভূমিকা গ্ৰহণ কৰিব।
