৯১ বছৰীয়া হ’ল তিব্বতী ধৰ্মগুৰু দালাই লামা। সোমবাৰে নিজৰ ৯১ সংখ্যক জন্মদিন উদযাপন কৰে তিব্বতী বৌদ্ধ ধৰ্মগুৰু ১৪ সংখ্যক দলাই লামাই। এই উপলক্ষে শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দালাই লামাই শান্তি আৰু সম্প্ৰীতিৰ বাণীৰে বিশ্বজুৰি অগণন মানুহক পথ দেখুৱাই আহিছে।
সোমবাৰে সামাজিক মাধ্যম ‘এক্স’ত প্ৰকাশ কৰা শুভেচ্ছাবাৰ্তাত মোদীয়ে লগতে কয়, “তেওঁৰ নৈতিক আৰু আধ্যাত্মিক শক্তি, লগতে বিশ্বকল্যাণৰ প্ৰতি থকা দায়বদ্ধতা সঁচাকৈয়ে প্ৰশংসনীয়। তেওঁ সুদীৰ্ঘ আৰু সুস্বাস্থ্যপূৰ্ণ জীৱন লাভ কৰক, সেই কামনা জনাইছোঁ।”
ইফালে, হিমাচল প্ৰদেশৰ শিমলাস্থিত দৰ্জে ড্ৰাক বৌদ্ধ মঠত পুৱাৰে পৰা সমবেত হয় নিৰ্বাসিত তিব্বতী বৌদ্ধ সন্ন্যাসী, অনুগামী আৰু স্থানীয় বাসিন্দাসকল। দলাই লামাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ কামনাৰে বিশেষ প্ৰাৰ্থনা আৰু ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হয়।
১৯৩৫ চনৰ ৬ জুলাই তিব্বতৰ তাকষ্টাৰ গাঁৱত এটা কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল দলাই লামাই। জন্মৰ সময়ত তেওঁৰ নাম আছিল লামো থনডুপ। দুবছৰ বয়সতে ১৩সংখ্যক দলাই লামাৰ পুনৰ্জন্ম হিচাপে তেওঁক স্বীকৃতি দিয়া হয়। ১৯৪০ চনত তেওঁ তিব্বতৰ আধ্যাত্মিক আৰু ৰাজনৈতিক নেতা হিচাপে আনুষ্ঠানিকভাৱে অধিষ্ঠিত হয়।
১৯৫৯ চনত তিব্বতত সংঘটিত গণঅভ্যুত্থান দমন কৰাৰ পিছত ভাৰতলৈ নিৰ্বাসন ল’বলৈ বাধ্য হয় দালাই লামা। সেই সময়ত ৮০ হাজাৰতকৈ অধিক তিব্বতী শৰণাৰ্থীয়েও তেওঁৰ সৈতে ভাৰতলৈ আহে।
ভাৰতত নিৰ্বাসিত জীৱন আৰম্ভ কৰাৰ পিছৰে পৰা তেওঁ তিব্বতী জনগোষ্ঠীৰ আধ্যাত্মিক নেতা হিচাপে দায়িত্ব পালন কৰি আহিছে। তেওঁৰ জন্মদিন উপলক্ষে কেন্দ্ৰীয় তিব্বতী প্ৰশাসনে প্ৰতি বছৰে বিশেষ অনুষ্ঠানৰ আয়োজন কৰে।
এইবাৰৰ জন্মদিন উদযাপনৰ পূৰ্বে বাওঁ আঁঠুৰ অস্ত্ৰোপচাৰৰ বাবে জুন মাহৰ আৰম্ভণিতে নতুন দিল্লীলৈ গৈছিল দালাই লামা। চিকিৎসাৰ পিছত গ্ৰীষ্মকালত লাডাখত অৱস্থান কৰাৰ কাৰ্যসূচীও নিৰ্ধাৰণ কৰা হৈছে।
যোৱা বছৰত কেন্দ্ৰীয় তিব্বতী প্ৰশাসনে আৰম্ভ কৰা “কৰুণাৰ বৰ্ষ” অভিযানৰ ধাৰাবাহিকতাত এইবাৰো পৰিৱেশ সংৰক্ষণ, বৃক্ষৰোপণ আৰু তিব্বতী ভাষা-সংস্কৃতি সংৰক্ষণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।
