পোহৰৰ উৎসৱ দ্ৰুতগতিত আহি আছে, আৰু উত্তেজনা বাঢ়িবলৈ আৰম্ভ কৰিছে, মানুহে উৎসাহ আৰু সুখেৰে দেৱালী উদযাপন কৰিবলৈ সাজু হৈছে। দেৱালীৰ এটা অতি গুৰুত্বপূৰ্ণ দিশ হৈছে উপহাৰ বিনিময়ৰ বহু পুৰণি পৰম্পৰা। কাঠবাদামক সুস্বাস্থ্যৰ উপহাৰ বুলি জনা যায়, কিয়নো সেইবোৰ হৈছে ভিটামিন ই, আহাৰৰ আঁহ, প্ৰ’টিন, ৰাইবোফ্লেভিন, মেঙ্গানিজ, ফোলেট আদিকে ধৰি ১৫ টা পুষ্টিৰ উৎস। বহু বছৰৰ বৈজ্ঞানিক গৱেষণাই এইটোও দেখুৱাইছে যে নিয়মীয়া বাদাম সেৱনে হৃদযন্ত্ৰৰ স্বাস্থ্য, মধুমেহ, ছালৰ স্বাস্থ্য আৰু ওজন ব্যৱস্থাপনাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ লাভালাভ প্ৰদান কৰিব পাৰে।
বলীউডৰ আগশাৰীৰ অভিনেত্ৰী ছোহা আলী খান, মেক্স হেল্থকেয়াৰ দিল্লীৰ ৰিতিকা সমাদ্দাৰ, ফিটনেছ এণ্ড চেলিব্ৰিটি ইনষ্ট্ৰাক্টৰ, য়াছমিন কৰাচীৱালা, ইণ্টিগ্ৰেটিভ পুষ্টিবিদ আৰু স্বাস্থ্য প্ৰশিক্ষক, নেহা ৰংলানি, পুষ্টি আৰু সুস্থতাৰ পৰামৰ্শদাতা শীলা কৃষ্ণস্বামীয়েও এই দেৱালীত সুস্বাস্থ্যৰ বাবে কাঠবাদাম আৰু প্ৰিয়জনৰ বাবে এক আদৰ্শ উপহাৰৰ পৰামৰ্শ দিয়ে।