তামুলপুৰৰ কাউলীত আদৰ্শ জাতীয় বিদ্যালয়,কাউলীৰ ৰূপালী জয়ন্তী সমাৰোহৰ সফল সমাপ্তি

223

দেওবাৰে তামুলপুৰ জিলাৰ কুমাৰীকাটাৰ নিকটৱৰ্তী কাউলীস্থ আদৰ্শ জাতীয় বিদ্যালয় কাউলীৰ  ২২ মাৰ্চৰ পৰা ২৪ মাৰ্চলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা ৰূপালী জয়ন্তী উৎসৱৰ মুকলি সভা উদ্বোধন কৰি তেওঁ এই মন্তব্য প্ৰদান কৰে ৷ ৰূপালী জয়ন্তী সমাৰোহ উদযাপন সমিতিৰ সভাপতি দুলাল চাহাৰ সভাপতিত্বত অনুষ্ঠিত ডুলুজিত দাসে আঁতধৰা সভাত তেওঁ পুনৰ কয়। মই জনাত বিগত ২৫বছৰে এইখন বিদ্যালয়ে কাউলী অঞ্চলত বহুতো নতুন প্ৰজন্মৰ ল’ৰা ছোৱালীক আগবঢ়াই লৈ গৈছে৷ বিগত ২৫ বছৰে তেওঁলোকৰ জীৱন গড় দিব পাৰিছে ৷ অকল ছাত্ৰ -ছাত্ৰীক শিক্ষা দিয়াই নহয়  এই বিদ্যালয়ৰ যিটো পৰিৱেশ আৰু সংস্কৃতি –এইটো অকল এই অঞ্চলতে প্ৰভাৱ পৰা নাই অন্যান্য অঞ্চলতো ইয়াৰ প্ৰভাৱ পৰিছে৷ ভাষণ প্ৰসংগত বিধান সভাৰ অধ্যক্ষ গৰাকীয়ে পুনৰ কয় যে আজিকালি আমাৰ লৰা- ছোৱালী বোৰে সহজে এম এ বি এ পাছ কৰিব পাৰে কিন্তু ইণ্টাৰভিউ সহজে পাছ হ’ব নোৱাৰে৷ এইবোৰ বিষয়টো আমাৰ ল’ৰা -ছোৱালী বোৰক সমানে আগবঢ়াই লৈ যাবলৈ তেওঁ সংশ্লিষ্ট আটাইকে আহ্বান জনায়৷ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ ডঃ পাৰ্থ ফুকন মহন্তই মাতৃ ভাষা মাধ্যম আৰু ইংৰাজী ভাষাৰ মাধ্যমত শিক্ষাদানৰ সুফল কুফল ওপৰত খৰচি মাৰি  আলোচনা কৰে ৷ বিশিষ্ট শিক্ষাবিদ গৰাকীয়ে কয় আমি সকলোৱে ভবাৰ দৰে সমগ্ৰ পৃথিৱীৰ মানুহে ইংৰাজী ভাষা নকয়৷ ইংৰাজী ভাষাটো আমাৰ দেশ বা যিবিলাক ইংৰাজৰ উপনিৱেশিক দেশ আছিল সেইবোৰতহে বেছিকৈ চলে৷ কিন্তু আন্তৰাষ্ট্ৰীয় কামকাজ বোৰ কৰিবলৈহে সংযোগী ভাষা হিচাপে  ইংৰাজী ভাষাটো দৰ্কাৰ৷

ভাষণ প্ৰসংগত বিশিষ্ট শিক্ষাবিদ গৰাকীয়ে উল্লেখ কৰে যে পৃথিৱীৰ ৮৫ কোটি মানুহে কোৱা ইংৰাজী ভাষাটো চীনত আটাইতকৈ কমকৈ কোৱা হয় অথচ চীন দেশ আজি পিছ পৰি থকা নাই৷  তেওঁলোকে লাগতিয়াল সকলো কথা তেওঁলোকৰ মান্দাৰী ভাষাত অনুবাদ কৰি লয়৷ চীনৰ মান্দাৰী ভাষা কোৱা মানুহৰ সংখ্যা পৃথিৱীতে প্ৰথম, ১১০ কোটি,দ্বিতীয় স্পেনিছ ভাষা কোৱা মানুহৰ সংখ্যা ১০০ কোটি আৰু  ইংৰাজী ভাষা কোৱা মানুহৰ সংখ্যা ৮৫ কোটি  অৰ্থাৎ বিশ্বত ইংৰাজী ভাষা কোৱা মানুহৰ সংখ্যা বিশ্বৰ তৃতীয় স্থানতহে আছে ৷ অৱশ্যে সংযোগী ভাষা হিচাপে ইংৰাজী ভাষাৰ চৰ্চা আমি অব্যাহত ৰাখিব লাগিব যিটো অসম জাতীয় বিদ্যালয়ে কৰি আহিছে৷ জাতীয় বিদ্যালয়ত অসমীয়া ভাষাত শিক্ষা প্ৰদান কৰাৰ সমান্তৰালভাৱে ইংৰাজী ভাষাত কথন আৰু পঠনৰ ওপৰত গুৰুত্ব দিয়া হয়৷ অৱশ্যে আবগিক ভাৱে আমি ইংৰাজী ভাষা  নিশিকো বুলি কলেও নহ’ব কিয়নো আজিৰ তাৰিখত ইংৰাজী ভাষা শিকিবই লাগিব কাৰণ কম্পিউটাৰ আদিত ইংৰাজী ভাষাহে প্ৰয়োগ কৰা হয়৷

তেওঁৰ সুদীৰ্ঘ ভাষণ প্ৰসংগত বিশিষ্ট শিক্ষাবিদ গৰাকীয়ে মুখস্থ বিদ্যাৰ সুফল—কুফলৰ ওপৰতো সাৱলিল বক্তব্য প্ৰদান কৰে৷ সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি অসম জাতীয় বিদ্যালয়,নুনমাটিৰ সহপাঠ্য ক্ৰমৰ মূৰব্বী ধ্ৰুৱ শৰ্মা আৰু অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ শিক্ষক আৰু পৰীক্ষা নিয়ন্ত্ৰক নৱজ্যোতি তালুকদাৰেও সাৰুৱা ভাষণ প্ৰদান কৰে ৷  মুকলি সভাতে সাধন শৰ্মাৰ সম্পাদনাতঃ ” স্মৃতি ছায়া ” নামৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক খগেন্দ্ৰ গোস্বামীয়ে। বহু সংখ্যক বিশিষ্ট ব্যক্তি আৰু অভিভাৱক অভিভাৱিকাই অংশগ্ৰহণ কৰা মুকলি সভাৰ পিছতে বন্তি প্ৰজ্বলন আৰু ৰাতি সাংস্কৃতিক সন্ধিয়াৰে ৰূপালী জয়ন্তী সদাৰোহৰ সফল সমাপ্তি ঘটে ৷