পথৰ কুকুৰৰ আতংকৰ কাৰণে অতিষ্ঠ হৈ অৱশেষত পৌৰ পঞ্চায়তৰ মুখ্য বিষয়াৰ কাৰ্যালয়তে বাটৰ কুকুৰ এৰি দিলে একাংশ প্ৰতিবাদকাৰীয়ে। শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ নাছিক জিলাৰ নিফাড চহৰত সংঘটিত এই অভাৱনীয় ঘটনাৰ পিছতেই সমগ্ৰ অঞ্চলটোত ব্যাপক চৰ্চাৰ সৃষ্টি হৈছে।
উল্লেখ্য যে, চহৰখনত বিগত কিছুদিন ধৰি বাটৰ কুকুৰৰ ত্ৰাস বৃদ্ধি পোৱাৰ ফলত নিতৌ ইয়াৰ কবলত পৰিবলগীয়া হৈছিল বাটৰুৱা। সঘনাই ঘটা এনে আক্ৰমণৰ বিৰুদ্ধে পৌৰ প্ৰশাসনক বাৰে বাৰে দৃষ্টিগোচৰ কৰাৰ পিছতো কোনো ফলপ্ৰসূ পদক্ষেপ নোলোৱাত স্থানীয় ৰাইজৰ ধৈৰ্যৰ বান্ধ ছিগি পৰে।
প্ৰশাসনৰ এনে চৰম নিৰ্লিপ্ততাৰ প্ৰতিবাদ জনাই শিৱসেনাৰ (উদ্ধৱ ঠাকৰে গোট) যুৱ শাখা ‘যুৱ সেনা’ৰ জিলা সভাপতি বিক্ৰম ৰন্ধৱেৰ নেতৃত্বত দলীয় কৰ্মীসকলে সাব্যস্ত কৰে এক অভিনৱ প্ৰতিবাদ।
কৰ্মীসকলে কেইবাটাও পথৰ কুকুৰ ধৰি আনি নিফাড পৌৰ পঞ্চায়তৰ মুখ্য বিষয়া ধীৰাজ ভামৰেৰ কাৰ্যালয়ত প্ৰৱেশ কৰে আৰু বিষয়াগৰাকী বহা টেবুলৰ ওপৰত কুকুৰবোৰ উঠাই দিয়ে। ইয়াৰ সমান্তৰালভাৱে প্ৰশাসনৰ নিৰ্বাক ভূমিকাক কটাক্ষ কৰি বিষয়াগৰাকীৰ ডিঙিত নোটৰ মালা পিন্ধাবলৈও চেষ্টা কৰে প্ৰতিবাদকাৰীসকলে।
পৌৰ প্ৰশাসনে নাগৰিকৰ সুৰক্ষাক সম্পূৰ্ণৰূপে আওকাণ কৰাৰ অভিযোগ তুলি প্ৰতিবাদকাৰীসকলে কাৰ্যালয়ৰ চৌহদতেই তীব্ৰ শ্ল’গান দিয়ে।
কাৰ্যালয়ৰ ভিতৰত চৰকাৰী মেজতে বাটৰ কুকুৰ তুলি দিয়াৰ এই সমগ্ৰ দৃশ্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ লগতে পৌৰ প্ৰশাসনৰ অপাৰগতাক লৈয়ো প্ৰশ্ন উত্থাপন হৈছে।
