ৰাজ্যত পুনৰ উন্মোচিত হৈছে যাতায়ত ও স্বাস্হ্য বিভাগৰ ফোপলাস্বৰূপ

313

কিন্তু নিৰ্বাচন যায় আহে৷চৰকাৰ পৰিবৰ্তন হয়৷যদিও ৰাইজৰ সমস্যা আজিলৈকে সমস্যা হৈয়েই থাকি গল৷কিয়নো বৰপেটা জিলাৰ চেঙা সমিষ্টিৰ দক্ষিণ প্ৰান্তৰ চৰাঞ্চল বাসীৰ দীৰ্ঘদিনীয়া এটা জ্বলন্ত সমস্যা হৈছে জলজলী নদীৰ ওপৰত এটা পকী দলঙৰ। কিন্তু প্ৰতিটো নিৰ্বাচনতে প্ৰতিটো দলৰ লগতে প্ৰাৰ্থী সকলে ৰাইজক বিভিন্ন প্ৰতিশ্ৰুতি দিয়াৰ লগতে বাঘমাৰা-শিমলীতোলা,নগৰবেৰা-আলোপতি মাজৰচৰ আৰু দলগোমা-কদমতোলা সংযোগী জলজলী নদীৰ ওপৰত তিনিটা দলং নিৰ্মান কৰি চৰাঞ্চলবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰি দিয়াৰ আশ্বাস দিয়ে৷

জলজলী নদীৰ ওপৰত পকী দলং নথকাৰ বাবেই নচলে গাড়ী মটৰ কিম্বা এম্বুলেন্স৷যাৰ বাবেই ৰোগী বা গৰ্ভৱতী মহিলাক লৈ প্ৰায়েই বিপদৰ সন্মুখীন হয় বৰপেটা জিলাৰ আলোপতি মাজৰচৰ,বাঘমাৰাচৰ,ধৰ্মপুৰ ভাতনাপাইতি,খোলাবান্ধা,মৈৰাদিয়া আৰু কাৰাইখাইতিকে ধৰি বৃহত্তৰ চৰাঞ্চলৰ লোক। বুধবাৰৰ দিনাও অনুৰূপ এক ঘটনা সংঘটিত হয় ভাতনাপাইতি ধৰ্মপুৰ গাঁওখনত।গাঁওখনৰ এগৰাকী মহিলা হঠাতে ঢলি পৰাত পৰিয়ালৰ লোকে চিকিৎসালয়লৈ লৈ যোৱাৰ ক্ষেত্ৰত নৰক যন্ত্ৰণাৰ সন্মুখীন হব লগীয়া হয়।

এনে নৰক যন্ত্ৰণাৰ পৰা বৰপেটাৰ জিলাৰ চেঙা সমিষ্টিৰ চৰাঞ্চলবাসীয়ে অৱসান পাব কেতিয়া ?এতিয়া প্ৰশ্ন হয় বৃহত্তৰ চৰাঞ্চলবাসীৰ দীৰ্ঘদিনীয়া সমস্যাটো সমাধানৰ বাবে চৰকাৰ তথা জনপ্ৰতিনিধি সকলে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে কেতিয়াবা ?সেয়াও এক আলোচ্যৰ বিষয় হৈ পৰিছে।