‘এক্সিছ মিউচুৱেল ফাণ্ডে’ আগবঢ়াইছে ‘এক্সিছ নিফটি বেংক সূচকাংক পুঁজি’

170

দেশৰ বেংকিং খণ্ডৰ গতিশীল বিকাশৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে এক্সিছ মিউচুৱেল ফাণ্ডে ‘এক্সিছ নিফটি বেংক ইণ্ডেক্স ফাণ্ড’ৰ নতুন পুঁজি অফাৰ (এনএফঅ’) আগবঢ়াবলৈ উৎসাহিত হৈছে। নিফটি বেংক টিআৰআইক অনুসৰণ কৰা, বিনিয়োগকাৰীসকলক আগশাৰীৰ ভাৰতীয় বেংকবোৰৰ বিকাশৰ গতিধাৰাত পোনপটীয়াকৈ অংশগ্ৰহণ কৰাৰ এক প্ৰণালী প্ৰদান কৰাই হৈছে এই মুক্ত সূচক পুঁজিৰ লক্ষ্য।

কাৰ্তিক কুমাৰ আৰু আশিস নাইকে পৰিচালনা কৰা এক অপেন-এণ্ডেড সূচকাংক পুঁজিত নিফটি বেংকৰ ট্ৰাই বেঞ্চমাৰ্ক ব্যৱহাৰ কৰা হৈছে, য’ত প্ৰাৰম্ভিক বিনিয়োগ ৫০০ টকা আৰু পৰৱৰ্তী সময়ত এই ৰাশিৰ পৰিমাণ বৃদ্ধি কৰা হয়। ৰিডিম বা চুইচ আউট বিনিয়োগৰ বাবে এক্সিট লোড আবণ্টন বা বিনিয়োগৰ ৭ দিনৰ ভিতৰত ০.২৫% আৰু যদি আবণ্টন/ বিনিয়োগৰ দিনটোৰ পৰা ৭ দিনৰ পিছত ৰিডিম/ চুইচ আউট হয় – শূন্য।

এই পুঁজিৰ লক্ষ্য হৈছে ট্ৰেকিং এৰৰ(ভুল)ৰ অধীনত নিফটি বেংক ট্ৰাইৰ মুঠ ৰিটাৰ্ণৰ সৈতে মিল থকা খৰচৰ পূৰ্বে ৰিটাৰ্ণ প্ৰদান কৰা। কিন্তু স্কিমখনৰ বিনিয়োগৰ লক্ষ্যত উপনীত হ’ব বুলি কোনো নিশ্চয়তা নাই। এই সূচকাংকত ভাৰতৰ সৰ্ববৃহৎ আৰু সৰ্বাধিক লিকুইড বেংকিং ষ্টকসমূহ অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে ৰাষ্ট্ৰীয় অৰ্থনীতিৰ এটা গুৰুত্বপূৰ্ণ অংশক প্ৰতিনিধিত্ব কৰে। এই বিষয়ে এক্সিছ এএমচিৰ এমডি এণ্ড চিইঅ’ বি গোপকুমাৰে কয় যে, “উদ্ভাৱনৰ ওপৰত শক্তিশালী গুৰুত্ব আৰোপ আৰু সৰ্বোত্তম প্ৰশাসন মানদণ্ডৰ আনুগত্যৰ জৰিয়তে এই খণ্ডটো লাভৱান হৈ আহিছে, যাৰ ফলত ভাৰতৰ বেংকিং পৰিৱেশক পুনৰ গঢ় দিয়া পৰিৱৰ্তনশীল ট্ৰেণ্ডসমূহৰ পুঁজি লাভ কৰে।”