সদৌ গুৱাহাটী সাংস্কৃতিক মঞ্চৰ বাৰ্ষিক সাধাৰণ সভাখন শান্তিপুৰস্থিত জামছেদ ভৱনত অনুষ্ঠিত হয়। মঞ্চৰ মুখ্য উপদেষ্টা জুৱাদুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মঞ্চৰ কেবাজনো কৰ্মকৰ্তা – সদস্যই আগন্তুক দিনত মঞ্চৰ ফালৰ পৰা গ্ৰহণ কৰিবলগীয়া কাম-কাজৰ মত – বিনিময় কৰে। আনহাতে সভাত আগন্তুক কাৰ্যকালৰ বাবে সৰ্বসন্মতি ক্ৰমে এখন কাৰ্যকৰী সমিতিখন গঠন কৰা হয়।
সেই অনুসৰি সভাত নিযু ভূঞা, আনোৱাৰ হুছেইন আৰু ভবেন বৰঠাকুৰক উপদেষ্টা , ধনঞ্জয় শৰ্মাক সভাপতি, জুৱাদুল ইছলামক কাৰ্যকৰী সভাপতি, চন্দন কুমাৰ দাস, চৈয়দ আব্দুল কাদিৰ, ভূপেন মিশ্ৰ আৰু সুবল সিনহাক উপ সভাপতি, মইনুদ্দিন আহমেদক সাধাৰণ সম্পাদক , অৰবিন্দ ডেকাক সাংস্কৃতিক সভাপতি , নৌচাদ আলীক সম্পাদক, প্ৰশান্ত চৌধুৰী, নেইনা বেগম আৰু আব্দুৰ ৰহিমক যুটীয়া সম্পাদক , পৰেশ চন্দ্ৰ ডেকাক সাংগঠনিক সম্পাদক , তুলো খান চৌধুৰীক কোষাধ্যক্ষ , জ্যেষ্ঠ সাংবাদিক জয়ন্ত কলিতা আৰু নুৰুল হুছেইনক প্ৰচাৰ সম্পাদক হিচাপে লৈ মঞ্চৰ কাৰ্যকৰী সমিতিখন গঠন কৰা হয়।
সাধাৰণ সভাৰ আন এক সিদ্ধান্ত অনুসৰণ পৰৱৰ্তী সময়ত এখন কাৰ্যকৰী সভা অনুষ্ঠিত কৰি পৰ্যায়ক্ৰমে বাকী সদস্যসকলক অন্তৰ্ভুক্ত কৰি এখন পূৰ্ণাংগ সমিতি গঠন কৰা হ’ব। সভাত আগন্তুক দিনত সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰি সদৌ গুৱাহাটী সাংস্কৃতিক মঞ্চক অসমৰ ৰাইজৰ স্বাৰ্থত অধিক শক্তিশালী আৰু সক্ৰিয়ভাৱে সেৱা আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
