বগুৰিগুৰিত কংগ্ৰেছীৰ বিৰুদ্ধে কংগ্ৰেছীৰ প্ৰতিবাদ

24

সৰভোগ সমষ্টিৰ বগৰিগুৰী পঞ্চায়তত কংগ্ৰেছৰ একাংশ দলীয় কৰ্মীয়ে  বৰপেটা  জিলা কংগ্ৰেছৰ সভাপতি ৰাজিব হকৰ  বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে,নিৰ্বাচনৰ পূৰ্বে কোনো নেতাৰ পদ সলনি নহব বুলি নিৰ্দেশনা দিছিল ভুপেন বৰাই৷

তাৰ পিছতো পূৰ্বৰ সভাপতিৰ লগতে দলীয় কোনো সদস্যৰ লগত আলোচনা নকৰাকৈ নিজেই বগুৰিগুৰি পাথাৰ মণ্ডল সভাপতি নিয়োগ কৰা বুলি অভিযোগ আনিছে স্বয়ং দলীয় কৰ্মীসকলে৷

পূৰ্বৰ মণ্ডল সভাপতি আব্দুল লতিফ আহমেদে কাৰ্য্যনিৰ্বাহ কৰি থকাৰ পিছতো কোনো কাৰণ নোহোৱাকৈয়ে নেকিবুল ইছলামক মণ্ডল সভাপতি হিচাপে নিয়োগ দিয়া বুলি অভিযোগ আনিছে দলীয় সমৰ্থক সকলে। যাৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি উৰ্ধতম বিষয়ববীয়াৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰে কংগ্ৰেছ সমৰ্থক সকলে  ।