স্বামীৰ সৈতে নদীৰ পাৰত বহি কথা পাতি থকাৰ মাজতে হঠাতে ব্ৰহ্মপুত্ৰৰ বুকুত জাপ দিলে এগৰাকী মহিলাই। যোৰহাটৰ নিমাতিঘাটত সংঘটিত হয় এই শোকাবহ তথা ৰহস্যজনক ঘটনা। নিখোজ মহিলাগৰাকী নাওবৈচা পটীয়াগাঁৱৰ দিহিঙীয়াকুৰিৰ বাসিন্দা মুনু দত্ত (৬৯) বুলি জানিব পৰা গৈছে। এই চাঞ্চল্য্যকৰ কাণ্ডৰ পিছৰে পৰা এছ ডি আৰ এফৰ দলে নদীত ব্যাপক উদ্ধাৰ অভিযান চলায়।
পৰিয়ালৰ লোকে জনোৱা মতে, বুধবাৰে পুৱা চিকিৎসকৰ ওচৰলৈ বুলি ঘৰৰ পৰা ওলাই আহিছিল মুনু দত্ত আৰু তেওঁৰ স্বামী অকন দত্ত। কিন্তু দুপৰীয়া সময়ত দম্পতীহাল ফুৰিবলৈ যায় নিমাতিঘাটলৈ। তাত এখন হোটেলত দুয়ো একেলগে চাহ খোৱাৰ পিছত ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে খোজ কাঢ়ি গৈছিল। নিমাতিঘাটৰ ২ নং বুলহেডৰ দিশে গৈছিল দুয়ো। তাত বহি কথা পাতি থকাৰ মাজতেই হঠাতে মুনু দত্তই স্বামীৰ চকুৰ সমুখতে লুইতৰ বুকুত জঁপিয়াই দিয়ে।
পত্নীৰ এই চৰম পদক্ষেপৰ পিছতে অকন দত্তই ঘৰলৈ উভতি আহি পৰিয়ালৰ লোকক সমগ্ৰ বিষয়টো বিৱৰি কয়। ইয়াৰ পিছতে পৰিয়ালে নিমাতিঘাট আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। ইফালে ঘটনাৰ খবৰ পাই এছ ডি আৰ এফৰ বাহিনীয়ে সন্ধিয়ালৈকে নদীত উদ্ধাৰ অভিযান চলায়। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী আৰু প্ৰবল সোঁতৰ বাবে মহিলাগৰাকীৰ স্থিতি উলিয়াবলৈ সক্ষম নহ’ল উদ্ধাৰকাৰী দলটো।
কি পৰিস্থিতিত পৰি দম্পতীহাল নিমাতিঘাট পালেহি আৰু কিহৰ বাবে মহিলাগৰাকীয়ে লুইতৰ বুকুঁত জাপ দিলে, তাক লৈ এতিয়াও ৰহস্য ঘনীভূত হৈ পৰিছে।
