আখৰে আখৰে ফলিয়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যদ্বাণী। ৯ এপ্ৰিলত সম্পন্ন হোৱা ভোটগ্ৰহণৰ সময়ত কাগজত লিখি থোৱা ফলাফলেই অৱশেষত সত্য প্ৰমাণিত হ’ল ৪ মে’ৰ ফলাফলত। অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত এই কথা সামাজিক মাধ্যমযোগে সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
যোৱা ৯ এপ্ৰিলত ভোটগ্ৰহণ শেষ হোৱাৰ লগে লগে প্ৰতিবাৰৰ দৰে এইবাৰো মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজৰ এক অনুমান এখন সৰু ডায়েৰীত লিখি থৈছিল। সামাজিক মাধ্যমত তেওঁ শ্বেয়াৰ কৰা ফটোখনত ‘Best-101’, ‘Better-90+’ আৰু ‘Worst-88+’ বুলি স্পষ্টকৈ উল্লেখ আছিল। সোমবাৰে ঘোষিত নিৰ্বাচনী ফলাফলত বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটে ১০২ খন আসন লাভ কৰি মুখ্যমন্ত্ৰীৰ শ্ৰেষ্ঠত্ব অৰ্থাৎ ১০১ খন আসনৰ অনুমানকো অতিক্ৰম কৰিবলৈ সক্ষম হয়।
বিজয়ৰ পাছত এক আৱেগিক পোষ্টযোগে তেওঁ কয়, “যোৱা ৯ এপ্ৰিলত ভোটগ্ৰহণ শেষ হোৱাৰ লগে লগে প্ৰতিবাৰৰ দৰে এইবাৰো মোৰ নিজৰ অনুমানটো কাগজত লিখি থৈছিলোঁ। সময় বাগৰিল, ফলাফল আহিল আৰু কালি মোৰ প্ৰাণৰ অসমবাসীৰ অভূতপূৰ্ব আশীৰ্বাদে এক নতুন ইতিহাস ৰচনা কৰিলে।”
তেওঁ লগতে কয়, “প্ৰত্যাশাতকৈ এখন অধিক আসন প্ৰদানেৰে আমাৰ অনুমান সত্য প্ৰমাণিত কৰা শতকৰ ওপৰৰ জনাদেশ- এয়া কেৱল সংখ্যা নহয়, অসমৰ জনতাৰ অটল বিশ্বাস আৰু মৰমৰ প্ৰতিফলন। এই আস্থা আৰু স্নেহৰ বাবে মই সদায়ে আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ থাকিম।”
উল্লেখ্য যে, ১২৬ খন আসনৰ ভিতৰত বিজেপিয়ে এককভাৱে ৮২ খন আসনত বিজয় সাব্যস্ত কৰিছে। মিত্ৰদল অগপ আৰু বিপিএফে ১০ খনকৈ আসন লাভ কৰাৰ বিপৰীতে বিৰোধী কংগ্ৰেছ মাত্ৰ ১৯ খন আসনতে সীমাবদ্ধ থাকে। উল্লেখযোগ্য যে যোৱা নিৰ্বাচনৰ তুলনাত বিজেপিৰ আসনৰ সংখ্যা ৬০ খনৰ পৰা ৮২ খনলৈ বৃদ্ধি পাইছে।
