শিক্ষাৰ্থীৰ কোলাহলেৰে মুখৰ হৈ থকা এটা টিউচন কেন্দ্ৰ মুহূৰ্ততে পৰিণত হ’ল মৃত্যুৰ ফান্দত। পাকিস্তানৰ পূবাঞ্চলীয় চহৰ লাহোৰত ব্যক্তিগত টিউচন কেন্দ্ৰ এটাৰ ছাদ খহি পৰাৰ ফলত কমেও ১৪ জন শিশুৰ মৃত্যু ঘটে। আন কেইবাজনো শিশু গুৰুতৰভাৱে আহত হয় এই দুৰ্ঘটনাত।
উদ্ধাৰকাৰী সংস্থা ‘ৰেচকিউ ১১২২’-এ জানিবলৈ দিয়া মতে, মঙলবাৰে লাহোৰৰ কাহনা অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা। সেই সময়ত টিউচন কেন্দ্ৰটোত বহু শিশু পাঠগ্ৰহণ কৰি আছিল। হঠাতে শ্ৰেণীকোঠাটোৰ ছাদ খহি পৰাত বহু শিক্ষাৰ্থী ধ্বংসস্তূপৰ তলত আৱদ্ধ হৈ পৰে।
উদ্ধাৰকাৰী সংস্থাৰ মুখপাত্ৰ ফাৰুক আহমেদে জানিবলৈ দিয়া মতে, ঘটনাটোত ১৪ জন শিশুৰ মৃত্যু নিশ্চিত হৈছে। আন প্ৰায় ১০ জন শিশুৰ অৱস্থা সংকটজনক। সেয়েহে মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰিছে সংশ্লিষ্ট কৰ্তৃপক্ষই।
ইফালে, ধ্বংসস্তূপৰ তলত আৰু কোনো লোক আৱদ্ধ হৈ আছে নেকি সেয়া নিশ্চিত কৰিবলৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলটোৱে।
আনহাতে, লাহোৰ আৰক্ষীৰ অপাৰেচন শাখাৰ উপ-মহাপৰিদৰ্শক ফৈছল কামৰানে জানিবলৈ দিয়া মতে, সম্প্ৰতি নিৰ্মাণ কৰা ভৱনটো নিৰ্মাণ কৰা ঠিকাদাৰক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ তথ্য অনুসৰি, ভৱনটোৰ এটা অংশ তেতিয়াও নিৰ্মাণাধীন অৱস্থাত আছিল আৰু দুৰ্ঘটনাৰ সময়ত শ্ৰমিকসকলেও তাত কাম কৰি আছিল।
ঘটনাটোক লৈ গভীৰ শোক প্ৰকাশ কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে। নিহত শিশুসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ উন্নত চিকিৎসা নিশ্চিত কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
