প্ৰতিপত্তিশালী প্ৰাৰ্থীৰ এতিয়া উজান উঠিছে তামিলনাডুৰ নিৰ্বাচনী ৰাজনীতিত। ৰাজ্যখনৰ আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দাখিল কৰা শপতনামাত প্ৰাৰ্থীৰ সম্পত্তিৰ পৰিমাণে এতিয়া চকু কপালত তুলিছে সাধাৰণ জনতাৰ। এনে ধনী প্ৰাৰ্থীৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে এআইএডিএমকেৰ এগৰাকী মহিলা প্ৰাৰ্থীয়ে। মাত্ৰ ষষ্ঠ শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰা লিমা ৰোজে নিৰ্বাচনী শপতনামাত ঘোষণা কৰা সম্পত্তিৰ মুঠ পৰিমাণ হৈছে ৫,৮৬৩ কোটি টকা। উল্লেখ্য যে ২৩ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত লালগুডি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব নেত্ৰীগৰাকীয়ে।
নিৰ্বাচনী বিষয়াক দাখিল কৰা নথি অনুসৰি লিমা ৰোজৰ ১৩৯ কোটি টকাৰ স্থাৱৰ আৰু ৯১০ কোটি টকাৰ অস্থাৱৰ সম্পত্তি আছে নিজৰ নামত। পৰিয়ালটোৰ ঐশ্বৰ্যৰ এক সিংহভাগ তেওঁৰ স্বামী ব্যৱসায়ী ছেণ্টিয়াগো মাৰ্টিনৰ নামত থকা বুলি উল্লেখ কৰিছে শপতনামাত। মাৰ্টিনে ৩,২৬২ কোটি টকাৰ স্থাৱৰ আৰু ৮৮৭ কোটি টকাৰ অস্থাৱৰ সম্পত্তিৰ গৰাকী বুলি ঘোষণা কৰাৰ লগতে তেওঁলোকৰ পুত্ৰ জোছ ডাইছন মাৰ্টিনৰ নামতো শ শ কোটি টকাৰ সম্পত্তি আছে। যোৱা বিত্তীয় বৰ্ষত লিমা ৰোজে ৯.৮২ কোটি টকা আৰু তেওঁৰ স্বামীয়ে ১১.৩৯ কোটি টকা উপাৰ্জন কৰিছিল।
সম্পত্তিৰ এই হিচাপ কেৱল নগদ ধন বা ভূমিৰ মাজতে সীমাবদ্ধ নহয়, বৰঞ্চ লিমাৰ ওচৰত আছে সোণ, ৰূপ আৰু হীৰাৰ এক বৃহৎ ভাণ্ডাৰ। শপতনামা অনুসৰি লিমাৰ ব্যক্তিগত মালিকানাত ১৯ কেজিতকৈ অধিক সোণ আৰু ১,২০০ কেৰেটতকৈ অধিক হীৰা আছে। বৰ্তমান তেওঁৰ হাতত নগদ ৫ লাখ টকা থকাৰ বিপৰীতে তেওঁৰ স্বামীয়ে হাতত ৰাখিছে ৫৬ লাখ টকা।
এআইএডিএমকেৰ এইগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে বৰ্তমান চাৰিটা ফৌজদাৰী গোচৰ চলি থকা বুলিও তেওঁ শপতনামাত স্বীকাৰ কৰিছে। অভিনেতাৰ পৰা ৰাজনীতিবিদ হোৱা বিজয়ৰ টি ভি কে দলে এইবাৰ নিৰ্বাচনী যুঁজখন ত্ৰিকোণীয়া কৰি তোলাৰ লক্ষ্য লৈছে যদিও লিমাৰ বিশাল সম্পত্তিৰ পৰিমাণে এতিয়া তামিলনাডুৰ নিৰ্বাচনী ৰাজনীতিক এক নতুন মাত্ৰা প্ৰদান কৰিছে। চহকী প্ৰাৰ্থীৰ এই তালিকাই নিৰ্বাচনত ধনশক্তিৰ প্ৰভাৱক লৈও সচেতন মহলৰ মাজত চৰ্চাৰ সৃষ্টি কৰিছে।
