মধ্যপ্ৰাচ্যৰ উত্তপ্ত পৰিস্থিতিৰ মাজত ‘হৰমুজ প্ৰণালী’ বন্ধ হৈ থকাটোতে ভাৰতৰ বাবে এটি উৎসাহজনক খবৰ আহিছে। ৪২,০০০ মেট্ৰিক টন তৰলীকৃত পেট্ৰলিয়াম গেছ (LPG) লৈ ‘জাগ বসন্ত’ নামৰ এক বিশাল জাহাজ গুজৰাটৰ কাণ্ডলা বন্দৰত উপস্থিত হৈছে। এই এলপিজি খালী কৰাৰ প্ৰক্ৰিয়া অতি সোনকালে আৰম্ভ হ’ব। উল্লেখযোগ্য যে, ‘জাগ বসন্ত’ আৰু আন এক টেংকাৰে ‘পাইন গেছ’ হৰমুজ প্ৰণালী অতিক্ৰম কৰিবলৈ অস্বাভাৱিক পথ বাছি লৈছিল। তথ্যে জনাইছে যে, এই জাহাজ দুখনে সাধাৰণ পথৰ পৰিৱৰ্তে ‘কেচম-লাৰাক’ চেনেলৰ পৰা আৰৱ সাগৰলৈ যাত্ৰা কৰিছে। বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ বিশেষ সচিব ৰাজেশ কুমাৰ সিনহাই স্পষ্ট কৰিছে যে ‘জাগ বসন্ত’ৰ যাত্ৰা সুৰক্ষিত আছিল। ১৬ মাৰ্চত ‘শিৱালিক’ আৰু ১৭ মাৰ্চত ‘নন্দা দেৱী’ নামৰ টেংকাৰে গুজৰাটলৈ এলপিজি আগভৰ্তি হৈছিল। এই তিনিখন জাহাজে মুঠ ১.৩৪ লাখ মেট্ৰিক টনৰ পৰা অধিক এলপিজি ভাৰতলৈ কঢ়িয়াই আনিছে, যি দেশৰ শক্তি চাহিদা পূৰণত সহায় কৰিছে।
