পুনৰ নিজ দেশলৈ ওভতাই পঠিওৱা হ’ল ভাৰতীয় ভূখণ্ডত অনুপ্ৰৱেশ কৰা এজন পাকিস্তানী নাগৰিকক। ১২ জুনত জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাৰ ছিমাৰী গাঁৱত নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ ভাৰতত প্ৰৱেশ কৰা খাইবাৰ পাখতুনখোৱা (কেপিকে)-ৰ বাসিন্দা আছাদ খানক আটক কৰে ভাৰতীয় সেনাই।
১৮ জুনত নিৰ্ধাৰিত প্ৰক্ৰিয়া অনুসৰি আছাদ খানক পাকিস্তান কৰ্তৃপক্ষৰ হাতত গতাই দিয়ে ভাৰতীয় কৰ্তৃপক্ষই। নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ অহাৰ পিছত আটক কৰা পাকিস্তানী নাগৰিকজনক দুয়ো দেশৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সমন্বয়ত পুনৰ নিজ দেশলৈ পঠিওৱা হয়।
ভাৰতীয় সেনাই প্ৰকাশ কৰা মতে, ভাৰতত থকা সময়ছোৱাত আছাদ খানৰ সৈতে মানৱীয় আচৰণ কৰা হয়। আটকাধীন অৱস্থাত তেওঁক প্ৰয়োজনীয় সহায় আৰু সুবিধা আগবঢ়োৱা হৈছিল।
ভাৰতীয় সেনাই সদৰি কৰা মতে, সীমান্ত অতিক্ৰম কৰি অহা লোকৰ ক্ষেত্ৰতো আন্তঃৰাষ্ট্ৰীয় মানৱীয় নীতি আৰু সামৰিক আচৰণবিধি অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হয়।
খাইবাৰ পাখতুনখোৱা (কেপিকে)-ৰ বাসিন্দা আছাদ খানক ১২ জুনত কুপৱাৰাৰ ছিমাৰী গাঁৱৰ পৰা আটক কৰাৰ পিছত ছয় দিনৰ অন্তত পাকিস্তানলৈ ঘূৰাই পঠিওৱা হয়।
