শিমলীতোলাত বন বিভাগৰ অভিযানত জব্দ শাল গছৰ কুণ্ডাসহ এখন বাহন

880

গোৱালপাৰা জিলাৰ ৰংজুলি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ বিভিন্ন এলেকাত চোৰাং কাঠৰ বেহা অব্যাহত থকা সময়তে যোৱা নিশা শিমলীতোলাত বন বিভাগে এক অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং শাল গছৰ কুণ্ডাসহ এখন বাহন জব্দ কৰিবলৈ সক্ষম হয়৷

জানিব পৰা মতে শিমলীতোলা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ বন বিষয়া কনক চন্দ্ৰ ডেকাৰ নেতৃত্বত যোৱা এটা বনকৰ্মীৰ দলে নিশাৰ ভাগত চলোৱা এক অভিযানত শিমলীতোলা-সিধাবাৰী সংযোগী পথৰ পোকালাগীৰ পৰা শাল কাঠৰ কুণ্ডা ভৰ্তি এ এছ-১৮ চি-৫৬৮০ নম্বৰৰ বলেৰো বাহন এখন জব্দ কৰিবলৈ সক্ষম হয়।

জব্দ কৰা চোৰাং কাঠৰ বজাৰ মূল্য আনুমানিক প্ৰায় ৬০ হাজাৰ টকা হব বুলি জানিব দিয়ে বনকৰ্মীয়ে৷

ইতিমধ্যে জব্দকৃত চোৰাং কাঠসহ বাহন খন শিমলীতোলা খণ্ড বন বিষয়াৰ কাৰ্যালয়ত লৈ যায়।