বাৰিষাৰ প্ৰলয়ংকৰী বানপানীয়ে তচনচ কৰি থৈ যোৱা স্মৃতি আজিও পাহৰিব পৰা নাই নৈপৰীয়া ৰাইজে। এখন খেৰ-বাঁহৰ চালিৰ তলত বহি ৬০ বছৰীয়া গোপাল শৰ্মাই সোঁৱৰিছে সেই ভয়ংকৰ ৩৬টা ঘণ্টাৰ কথা, য’ত পানীৰ মাজত থাকিও এটোপাল খোৱাপানী নোপোৱাকৈ কটাইছিল গাঁওবাসীয়ে। অসম-নাগালেণ্ড সীমান্তৰ শিৱসাগৰ জিলাৰ নেপালী খুঁটি গাঁৱত তিনিমাহ পাছতো ঘূৰি অহা নাই স্বাভাৱিক জীৱন।
দুখ-যন্ত্ৰণাৰ সেই দিনবোৰ সোঁৱৰি গোপাল শৰ্মাই কয়, “৩৬টা ঘণ্টা আমি এটোপাল খোৱাপানী নোহোৱাকৈ কটালোঁ। ওচৰৰে চাহ বাগিচাৰ ক্লাবঘৰত প্ৰায় ২০টা পৰিয়ালে আশ্ৰয় লৈছিলোঁ। তাত এটা মাহৰো অধিক কাল বিভিন্ন সংগঠনে দিয়া সাহায্যৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই আছিলোঁ।” বানৰ পূৰ্বে এখন গেলামালৰ দোকান আৰু দুগ্ধ ব্যৱসায়েৰে পৰিয়াল পোহপাল দিয়া শৰ্মাৰ হাতত এতিয়া কোনো জীৱিকাৰ সম্বল নাই। অহা ২০-২৫ দিনৰ পাছত সাহায্যৰ সামগ্ৰী শেষ হ’লে কেনেকৈ পৰিয়াল চলিব, সেই লৈ গভীৰ চিন্তাত পৰিছে শৰ্মাৰ দৰে বহু বানপীড়িত।
৬০ৰ পৰা ৭০টা বাসগৃহ থকা নেপালী খুঁটি গাঁৱৰ সৰহসংখ্যক ঘৰেই দিখৌ নৈৰ বানে উটুৱাই লৈ যায়। বৰ্তমান বিভিন্ন বেচৰকাৰী সংস্থা আৰু দাতা ব্যক্তিৰ সহযোগত কোনোমতে খেৰ-বাঁহ আৰু টিনপাতেৰে সৰু সৰু জুপুৰী সাজি আশ্ৰয় লৈছে পৰিয়ালসমূহে। এটা গোৰ্খা সংগঠনে গৃহহীন পৰিয়ালৰ বাবে প্ৰায় ২৫টা জুপুৰী নিৰ্মাণ কৰি দিয়াৰ লগতে মিজোৰাম আৰু নেপালৰ পৰাও বহু লোকে সাহায্য সামগ্ৰী আগবঢ়াইছে। গাঁওবাসীৰ খেতিৰ পথাৰসমূহ এতিয়াও ডাঠ পলস আৰু উঘালি পৰা গছ-গছনিৰে পোত খাই থকাত কৃষিকৰ্মৰ পথো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে।
চৰকাৰী সাহায্যৰ অপৰ্যাপ্ততাক লৈ অসন্তুষ্টি প্ৰকাশ কৰি গাঁওখনৰ বাসিন্দা প্ৰসাদ বড়োৱে কয়, “মানুহে দিয়া বাঁহ আৰু পুৰণি টিনপাতেৰে আমি ঘৰটো কোনোমতে তুলিছোঁ। এজন শ্ৰমিকৰ দৈনিক মজুৰি ৫০০ টকা আৰু কোঠাৰ বোকামাটি পৰিষ্কাৰ কৰোঁতেই ১৫০০ টকাকৈ খৰচ হ’ল। চৰকাৰে এককালীন সাহায্য হিচাপে দিয়া ১৫ হাজাৰ টকা কেইটামান দিনতে শেষ হৈ গ’ল।” বৃত্তিগতভাৱে ৰংমিস্ত্ৰী বড়োৱে জনোৱা মতে, গাঁৱত জীৱিকাৰ সকলো পথ বন্ধ হৈ পৰাত একাংশ যুৱকে ইতিমধ্যে কৰ্মসংস্থাপন বিচাৰি বাংগালুৰু আৰু চেন্নাইৰ দৰে মহানগৰীলৈ ঢাপলি মেলিছে।
প্ৰশাসনৰ তথ্য অনুসৰি, যোৱা জুলাই মাহৰ বানে অসমৰ ২৭খন জিলাত সংহাৰী ৰূপ ধাৰণ কৰি ১০৬ জন লোকৰ প্ৰাণ কাঢ়ি নিছিল। যাৰ ভিতৰত আছিল ১৭টা নিষ্পাপ শিশু। ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ডৰ সহযোগত নেপালী খুঁটি গাঁওখনক এটা আধুনিক দুগ্ধ হাবলৈ ৰূপান্তৰ কৰাৰ দীৰ্ঘম্যাদী আঁচনি প্ৰস্তুত কৰিছে যদিও এই প্ৰস্তাৱ বাস্তৱত ৰূপায়ণ নোহোৱালৈকে অনিশ্চিত ভৱিষ্যতৰ সৈতে যুঁজি থাকিবলগীয়া হৈছে দুৰ্ভগীয়া গাঁওবাসীয়ে।
