ৰাজ্যত এতিয়াও বহু হাজাৰ কিলোমিটাৰ কেঁচা পথ আছে ৷ লগতে ঠিকাদাৰক চৰকাৰে পৰিশোধ কৰিবলৈ বাকী আছে প্ৰায় ৮৭৪ কোটি টকা ৷ চৰকাৰী তথ্যত প্ৰকাশ ৷ৰাজ্যিক অগ্ৰাধিকাৰ আঁচনিৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনি, অসম মালা, প্ৰধানমন্ত্ৰীৰ গ্ৰাম চড়ক যোজনা, ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ অধীনত বিভিন্ন পথ নিৰ্মাণ, মেৰামতি আৰু দলং নিৰ্মাণৰ কাম ৰূপায়ণ কৰা হৈছে ।চৰকাৰখনে ৰাজ্যখনৰ যোগাযোগ ব্যৱস্থাৰ ব্যাপক উন্নয়ন সাধন হোৱা বুলি ঢাক-ঢোল বজাই আহিছে ।কিন্তু এই বিভিন্ন আঁচনিৰ যোগেদি বিপুল পৰিমাণৰ পুঁজি ব্যয় কৰাৰ পাছতো ৰাজ্যৰ পথ-যোগাযোগ ব্যৱস্থাৰ সামগ্ৰিক অৱস্থা, অসম্পূৰ্ণ পথৰ পৰিমাণ।ৰাজ্যখনত এতিয়াও ১৭,৯৫০ কিলোমিটাৰ কেঁচা পথ আছে । লোকনিৰ্মাণ বিভাগৰ পৰা লাভ কৰা তথ্যতে ৰাজ্যখনৰ যোগাযোগ ব্যৱস্থাৰ প্ৰকৃত স্বৰূপটো উন্মোচিত হৈছে ।
