অসমৰ এক ইঞ্চি মাটিও দখল কৰিব নোৱাৰে কোনেও। শুকুৰবাৰে পলাশবাৰীত এক বিশাল নিৰ্বাচনী জনসভাত অংশ লৈ এই বিস্ফোৰক হুংকাৰ দিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। দুদিনীয়া কাৰ্যসূচীৰে ৰাজ্যলৈ অহা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰৰ মাজতে তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লয় কংগ্ৰেছ আৰু নেহৰু পৰিয়ালক। ১৯৬২ চনৰ চীনৰ আগ্ৰাসনৰ সময়ত প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে অসমক ‘বাই-বাই’ বুলি কোৱা ঐতিহাসিক প্ৰসংগও তেওঁ সোঁৱৰাই দিয়ে।
জন সমাৱেশক সম্বোধন কৰি শ্বাহে কয়, “অসম কাৰো পৈত্তৃক সম্পত্তি নহয়। কংগ্ৰেছৰ ৬০ বছৰীয়া শাসনত নিৰ্মাণ হৈছিল মাত্ৰ তিনিখন দলং। কিন্তু বিজেপিৰ দহ বছৰীয়া কাৰ্যকালত এছিয়াৰ সৰ্ববৃহৎ দলঙকে ধৰি চাৰিখনকৈ নতুন দলং লাভ কৰিছে ৰাইজে।” ৰাজ্যখনত বিজেপি চৰকাৰৰ উন্নয়ন আৰু শান্তিৰ পদক্ষেপৰ ওপৰতো আলোকপাত কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
অনুপ্ৰৱেশকাৰীৰ প্ৰসংগ উত্থাপন কৰি গৃহমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে যে পূৰ্বৰ চৰকাৰে অসমক অনুপ্ৰৱেশকাৰীৰ হাতত গতাই দিছিল। তেওঁ লগতে কয়, “বিগত দহ বছৰত বিজেপিয়ে ১ লাখ ৫০ হাজাৰ একৰ ভূমি বেদখলমুক্ত কৰিছে। কাজিৰঙাৰ পৰা বটদ্ৰৱা থানলৈকে সকলোতে এতিয়া শান্তি বিৰাজ কৰিছে। এইবেলি পুনৰ বিজেপি চৰকাৰ নিৰ্বাচিত কৰক আৰু আমি প্ৰতিজন অনুপ্ৰৱেশকাৰীকে উঘালিম।”
পলাশবাৰীত স্থাপন হ’বলগীয়া ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টৰ বিৰোধিতা কৰা বুলিও তেওঁ কংগ্ৰেছক সমালোচনা কৰে। শ্বাহৰ মতে, প্ৰধানমন্ত্ৰী মোদীয়ে অসমীয়া যুৱক-যুৱতীৰ শিক্ষাৰ বাবে অনা এই প্ৰতিষ্ঠানটো স্থাপনত সক্ৰিয়ভাৱে বাধা দিছিল কংগ্ৰেছে। কামৰূপৰ ছয়খন আসনৰ লগতে ৰাজ্যত ৯০ খনতকৈও অধিক আসন লাভ কৰি বিজেপি চৰকাৰ গঠন হ’ব বুলি তেওঁ আত্মবিশ্বাস প্ৰকাশ কৰে।
নিৰ্বাচনী যুঁজখনত বিজেপিৰ স্থিতি অধিক শক্তিশালী কৰিবলৈ গৃহমন্ত্ৰীগৰাকীয়ে কলিয়াবৰ, গোলকগঞ্জ আৰু দুধনৈতো মাৰাথন প্ৰচাৰ চলায়। তেওঁৰ এই ভ্ৰমণে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত গেৰুৱা দলটোৰ কৰ্মীসকলৰ মাজত নতুন উৎসাহৰ সঞ্চাৰ কৰিছে।
