দিল্লী আৰক্ষীৰ নতুন নিৰ্দেশনা অনুসৰি যন্তৰ মন্তৰৰ পৰিৱৰ্তে ৰামলীলা ময়দানক ধৰ্ণা আৰু প্ৰতিবাদৰ নতুন স্থলী হিচাপে চিহ্নিত কৰা হৈছে। কিন্তু এই নিৰ্দেশনাৰ পিছতেই বিভিন্ন প্ৰতিবাদী সংগঠন আৰু সচেতন নাগৰিকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ৰামলীলা ময়দানত প্ৰতিবাদ সাব্যস্ত কৰাটো প্ৰতিবাদীসকলৰ বাবে অত্যন্ত ব্যয়বহুল আৰু কঠিন হৈ পৰিছে। পৌৰ নিগমৰ তথ্য অনুসৰি, ৰামলীলা ময়দান বুকিং কৰাৰ বাবে প্ৰতিদিনে ৫০,০০০ টকা মাচুল আৰু ৫৫,০০০ টকাৰ ছিকিউৰিটি ডিপ’জিট দিব লাগিব। কৰ-কাটোল ধৰি এদিনীয়া কাৰ্যসূচীৰ বাবে বুকিং খৰচ প্ৰায় ১.২১ লাখ টকালৈ বৃদ্ধি পায়।
উল্লেখযোগ্য যে যন্তৰ মন্তৰত প্ৰতিবাদৰ বাবে এনেধৰণৰ কোনো মাচুল দিবলগীয়া হোৱা নাছিল। ১২ একৰ জুৰি বিস্তৃত আৰু প্ৰায় ৫০,০০০ মানুহ ধৰিব পৰা এই ঐতিহাসিক ময়দানখনত ধৰ্মীয় আৰু উৎসৱমুখী কাৰ্যসূচী (যেনে— দুৰ্গাপূজা, বিজয়া দশমী আৰু দেৱালী) থকাৰ বাবে আগন্তুক আঢ়ৈ মাহৰ বাবে কোনো খালি তাৰিখ নাই। কেৱল চলিত বৰ্ষৰ ২৯, ৩০ আৰু ৩১ ডিচেম্বৰৰ বাবেহে বুকিং খোলা আছে। পৌৰ নিগমে স্পষ্ট কৰি দিছে যে ময়দানখনৰ এটা সৰু অংশ বিনামূলীয়া প্ৰতিবাদৰ বাবে সংৰক্ষিত ৰখা হৈছে, কিন্তু তাত কেৱল ১৫০ জন ব্যক্তিয়েহে একেলগে অংশগ্ৰহণ কৰিব পাৰিব।
ৰামলীলা ময়দান বুকিং প্ৰক্ৰিয়া দিল্লী পৌৰ নিগমৰ উদ্যানপালন বিভাগৰ জৰিয়তে পৰিচালিত হয়। ইয়াৰ বাবে দিল্লী আৰক্ষীৰ পৰা অনাপত্তি প্ৰমাণপত্ৰ লাভ কৰাটো বাধ্যতামূলক। ব্যৱসায়িক এলেকা তথা হাস্পতালৰ সমীপত অৱস্থিত হোৱাৰ বাবে ৰামলীলা ময়দানত ডাঙৰ প্ৰতিবাদ বা সভা আয়োজন কৰিলে সমগ্ৰ অঞ্চলটোত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়।
