চৰকাৰী অতিথিশালা পাবলৈ ভুৱা আইএএছ বিষয়াৰ পৰিচয় দি অৱশেষত জালত পৰিল এজন গৰু বেপাৰী। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে গুজৰাটৰ ৰাজকোটত। মহাৰাষ্ট্ৰৰ ধুলে জিলাৰ প্ৰশান্ত কাচৱে নামৰ এজন ইউপিএছচি পৰীক্ষাৰ্থীক এই প্ৰৱঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে প্ৰদ্যুমন নগৰ আৰক্ষীয়ে। মহাৰাষ্ট্ৰ কেডাৰৰ ২০২৩ বেচৰ ‘ৰাহুল সিং’ নামৰ এগৰাকী আইএএছ বিষয়াৰ ভুৱা পৰিচয় দি অতিথিশালাত বিনামূলীয়াকৈ কোঠা সংৰক্ষণৰ চেষ্টা চলাইছিল অভিযুক্ত যুৱকজনে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, মহাৰাষ্ট্ৰৰ পৰা গুজৰাটলৈ যাত্ৰা কৰাৰ সময়তে প্ৰশান্তই ইণ্টাৰনেটৰ পৰা ৰাজকোট প্ৰশাসনৰ চৰকাৰী বিষয়াৰ যোগাযোগ নম্বৰ সংগ্ৰহ কৰে। ১২ অক্টোবৰত ৰাজকোট প্ৰান্ত চহৰ-১ কাৰ্যালয়ৰ প্ৰান্ত বিষয়া অতুল সিঙৰ মোবাইললৈ আহে এটা ফোন। সিপাৰৰ পৰা ব্যক্তিজনে নিজকে ২০২৩ বেচৰ আইএএছ বিষয়া ৰাহুল সিং বুলি পৰিচয় দিয়ে আৰু অফিচিয়েল কামত ৰাজকোটলৈ অহাৰ কথা জনায়। লগতে পত্নী গৰ্ভৱতী হোৱাৰ দোহাই দি চৰকাৰী চাৰ্কিট হাউচ বা অতিথিশালাত এটি কোঠাৰ জৰুৰী প্ৰয়োজন বুলি দাবী কৰে।
বিষয়টো পৰীক্ষা কৰিবলৈ প্ৰান্ত বিষয়াৰ নিৰ্দেশত উপ-ৰাজহ বিষয়া যোগীৰাজসিংহ গোহিলে উক্ত নম্বৰলৈ পুনৰ ফোন কৰে। কিন্তু পদবী, বৰ্তমানৰ কৰ্মস্থল আৰু বুকিঙৰ সবিশেষ সোধাত ক্ৰমাৎ অপ্ৰস্তুত হৈ পৰে ফোন কৰা ব্যক্তিজন আৰু পোনপটীয়া উত্তৰ দিয়াৰ পৰা বিৰত থাকে। যুৱকজনৰ অসঙ্গতিপূৰ্ণ কথা-বতৰাত গভীৰ সন্দেহ ওপজাত প্ৰশাসনিক বিষয়াসকলে তেওঁক সশৰীৰে কাৰ্যালয়ত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়ে।
নিৰ্দেশ পোৱাৰ পিছতে সন্ধিয়া প্ৰায় ৭:৩০ বজাত প্ৰশান্ত কাচৱে ৰাজকোটৰ প্ৰশাসনিক কাৰ্যালয়ত উপস্থিত হয় আৰু পুনৰ নিজকে ২০২৩ বেচৰ আইএএছ বিষয়া বুলি প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলায়। কিন্তু বিষয়াসকলৰ নিৰন্তৰ আৰু গভীৰ জেৰাৰ সন্মুখত তিষ্ঠিব নোৱাৰি অৱশেষত সকলো সত্য স্বীকাৰ কৰিবলৈ বাধ্য হয় মহাৰাষ্ট্ৰৰ ধুলেৰ এই সাধাৰণ বাসিন্দা গৰাকীয়ে।
জেৰাৰ অন্তত প্ৰশান্তই আৰক্ষীক জানিবলৈ দিয়ে যে তেওঁ ইউপিএছচি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে যদিও প্ৰকৃততে গৰু-মহ ক্ৰয় কৰাৰ উদ্দেশ্য লৈহে ৰাজকোটলৈ আহিছিল। হোটেলৰ ব্যয়বহুল কোঠাৰ খৰচ ৰেহাই পোৱাৰ লোভতে তেওঁ এনেদৰে এজন আইএএছ বিষয়াৰ ভুৱা পৰিচয় লৈছিল। ইয়াৰ উপৰিও অতিথিশালাৰ মেনেজাৰ আৰু স্থানীয় আৰক্ষী জোৱানকো তেওঁ একেই ভুৱা পৰিচয় দি বিভ্ৰান্ত কৰাৰ কথা পোহৰলৈ আহে। উপ-ৰাজহ বিষয়া যোগীৰাজসিংহ গোহিলৰ এজাহাৰৰ ভিত্তিত ৰাজহুৱা কৰ্মচাৰীৰ ভুৱা পৰিচয় ধাৰণ কৰাৰ অপৰাধত ধৃত প্ৰশান্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰক্ষীয়ে আইনী পদক্ষেপ গ্ৰহণ কৰিছে।
