কংগ্ৰেছৰ দ্বীপ বায়ন নহয়, বৰপেটাত বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী হ’ব চিপিআই(এম)ৰ মনোৰঞ্জন তালুকদাৰ

277

সন্মুখত লোকসভা‌ নিৰ্বাচন। নিজ নিজ সমষ্টিত প্ৰচাৰত ব্যস্ত হৈ‌ পৰিছে প্ৰতিটো ৰাজনৈতিক দল।‌ ইয়াৰ মাজতে কালি ৩নং বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত পুৰণি হাজো সমষ্টি তথা বৰ্তমানৰ হাজো-শুৱালকুছিত সমষ্টিত উপস্থিত হয় বৰপেটা লোকসভা সমষ্টিৰ চি পি আই (এম)ৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰ। কালি পুৱাৰে পৰা হাজোৰ আধিয়াৰপাৰা, বুল্লুট, কলিতাকুছি, পাখামেলা, ৰামদিয়া, মিলপাৰা, দামপুৰ, শুৱালকুছিকে আদি কৰি ভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ চলাই মনোৰঞ্জন তালুকদাৰে।

ইতিমধ্যে বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে কংগ্ৰেছ দলৰ দ্বীপ বায়নক প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে যদিও সমান্তৰালভাৱে চিপিআই(এম) দলৰ মনোৰঞ্জন তালুকদাৰেও সমষ্টিত সমানেই প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। কালি হাজো সমষ্টিত উপস্থিত হৈ প্ৰাৰ্থী গৰাকীয়ে কয় যে কংগ্ৰেছৰ বাহিৰে বিৰোধী মৰ্চাৰ আটাইকেইটা দলেই ৩নং বৰপেটা লোকসভা সমষ্টিত মনোৰঞ্জন তালুকদাৰকেই প্ৰাৰ্থী হিচাপে বিচাৰে। কংগ্ৰেছৰ যদিহে অলপো শুভ বুদ্ধি উদয় হয় তেন্তে বিজেপিক চিটতো এৰি নিদি মনোৰঞ্জন তালুকদাৰক বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব বুলিও আশাবাদী মনোৰঞ্জন তালুকদাৰ।

লগতে তালুকদাৰে এইটোও কয় যে যদিহে কংগ্ৰেছ দলে বৰপেটা লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ নকৰে তেন্তে আগন্তুক নিৰ্বাচনত বৰপেটা সমষ্টিৰ ভোটাৰে কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীৰ লগতে কংগ্ৰেছক উচিত প্ৰত্যুত্তৰ দিব। চিপিআই(এম) দলৰ প্ৰাৰ্থী তালুকদাৰে প্ৰচাৰ সভাত শাসকীয় দল বিজেপি আৰু অগপ দলকো ক্ষুৰধাৰ সমালোচনা কৰে। বৰ্তমান অগপৰ কোনো ধৰণৰ জাতীয়বাদী সত্বা নাই বুলিও কটাক্ষ কৰে মনোৰঞ্জন তালুকদাৰে।