এপ্ৰিলত খালী হোৱা ৰাজ্যসভাৰ ৫৬ খন আসনৰ ভিতৰত বিজেপিয়ে বিনা প্ৰতিদ্বন্দিতাত ২০ খন আৰু মঙলবাৰে অনুষ্ঠিত নিৰ্বাচনত ভোটদানৰ পিছত ১০ খন আসন লাভ কৰে। ইয়াৰ সৈতে, ৰাজ্যসভাত দলটোৰ সংখ্যা ৯৭ লৈ বৃদ্ধি হয় আৰু ভাৰতীয় জনতা পাৰ্টি (বিজেপি) নেতৃত্বাধীন এন ডি এৰ আসনৰ সংখ্যা হয় গৈ ১১৭ খন। সকলো সদস্যই শপত লোৱাৰ পিছত, বিজেপি ২৪০ জনীয়া সদনত ১২১ জনৰ সংখ্যাগৰিষ্ঠ সংখ্যাৰ পৰা মাত্ৰ চাৰি খোজ দূৰত থাকিব। বৰ্তমান, বিজেপি ৰাজ্যসভাৰ সৰ্ববৃহৎ দল হৈ আছে।
ৰাজ্যসভাত তেওঁলোকৰ ৯৭ জন সদস্য আছে। ইয়াৰ ভিতৰত আছে ৬ জন মনোনীত সাংসদ। ৫৬ জন সদস্যৰ ভিতৰত ৪১ জন বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছিল। আনহাতে মঙলবাৰে উত্তৰ প্ৰদেশ, কৰ্ণাটক আৰু হিমাচল প্ৰদেশত ১৫ খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। বিজেপিয়ে উত্তৰ প্ৰদেশৰ ১০ খন আসনৰ ভিতৰত আঠখন, কৰ্ণাটকৰ চাৰিখন আসনৰ ভিতৰত এখন আৰু হিমাচল প্ৰদেশৰ এখন আসন লাভ কৰিছিল।
বিজেপিৰ পিছত, ৰাজ্যসভাত কংগ্ৰেছৰ সৰ্বাধিক আসন থাকিব। কংগ্ৰেছত ২৯ খন, তৃণমূল কংগ্ৰেছৰ ১৩ খন, ডিএমকে আৰু আম আদমী পাৰ্টিৰ ১০ খনকৈ, ৱাইএছআৰচিপিয়ে ১১খন , বিজু জনতা দলৰ ৯খন, বিআৰএছ ৫খন, আৰজেডি ৬খন, চিপিএম ৫খন আৰু এআইএডিএমকে আৰু জেডি(ইউ)ৰ প্ৰত্যেকৰে ৪খন কৈ থাকিব।